NORTHEAST NOW (Assamese)

ছিকিমত আৱদ্ধ প্ৰব্ৰজিত শ্ৰমিকৰ আশ্ৰয়ৰ বাবে নিজৰ অট্টালিকা আগবঢ়াব বাইচুং ভূটীয়াই

March 31, 2020 12:37 pm · এন ই নাও নিউজ

ভাৰতীয় ৰাষ্ট্ৰীয় ফুটবল দলৰ প্ৰাক্তন খেলুৱৈ বাইচুং ভূটীয়াই দেশজুৰি বলৱৎ হৈ থকা লকডাউনৰ বাবে মিজোৰামত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিকসকলৰ আশ্ৰয়ৰ বাবে তেওঁ নিজৰ অট্টালিকা প্ৰদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।

ভাৰতৰ অন্যতম সফল ফুটবলাৰগৰাকীয়ে কলকাতাৰ পৰা নিজৰ ৰাজ্যলৈ ঘূৰি আহিছে যদিও লকডাউনৰ বাবে সম্প্ৰতি তেওঁ চিলিগুৰিত আৱদ্ধ হৈ আছে।

‘কলকাতাৰ পৰা মই ঘূৰি আহিছো কিন্তু লকডাউনৰ কাৰণে মই এতিয়া ইয়াত আছো। সেয়ে মই ইয়াৰ পৰা সকলো সহযোগিতা আগবঢ়াম’, তেওঁ এই কথা জনায়।

তেওঁ লগতে কয়, ‘ছিকিমত বহু সংখ্যক প্ৰব্ৰজিত শ্ৰমিক আৱদ্ধ হৈ আছে। এই পৰ্যন্ত ছিকিমত এটাও ক’ৰ’নাত আক্ৰন্ত চিনাক্ত হোৱা নাই। সেয়ে মই মোৰ অট্টালিকাটো ব্যৱহাৰৰ বাবে প্ৰদান কৰাৰ সিদ্ধান্ত লৈছো’।

উল্লেখ্য যে ভূটীয়াৰ অট্টালিকাত বৰ্তমান ১০ জন লোকে আশ্ৰয় লৈ আছে যদিও তেওঁৰ অট্টালিকাটোত প্ৰায় ১০০জন লোক থাকিব পৰিব বুলিও তেওঁ উল্লেখ কৰে।

ইয়াৰ উপৰি তেওঁৰ অট্টালিকাত আশ্ৰয় লোৱা লোকসকলক খাদ্য প্ৰদান কৰিব বুলিও জানিবলৈ দিয়ে।

আনহাতে তেওঁৰ দল য়ুনাইটেড ছিকিম এফ চিয়েও প্ৰব্ৰজিত শ্ৰমিকসকলৰ খাদ্য প্ৰদানৰ বাবে বেংগলত কাম কৰি আছে।

‘আমি স্থানীয় কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি আছো। বেংগল আৰু ইয়াত সেই লোকসকলৰ বাবে কি কৰিব পাৰো দেখা যাওক’, ভূটীয়াৰ মন্তব্য।

উল্লেখ্য যে অলপতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহ সচিবে পত্ৰৰ জৰিয়তে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকে প্ৰব্ৰজিত শ্ৰমিক সকলৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল।

Related News