NORTHEAST NOW (Assamese)

দেশৰ বিভিন্ন ৰাজ্যত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ,ৰে’ল অৱৰোধ কৰি কৃষকৰ প্ৰতিবাদ

March 26, 2021 11:55 am · এন ই নাও নিউজ

আজি পুৱাৰে পৰা তিনি খনকৈ কৃষি আইনৰ বিৰুদ্ধে কৃষক সংগঠনে দিয়া ভাৰত বন্ধৰ প্ৰভাৱ দেশৰ কেইবা খনো ৰাজ্যত সৰ্বাত্মক ৰূপত পৰা দেখিবলৈ পোৱা গৈছে।

ভাৰত বন্ধৰ সময়ত আজি কৃষকসকলে উত্তৰ প্ৰদেশ দিল্লী সীমান্তৰ গাজীপুৰত ৰে’ল অৱৰোধ কৰে। অসমতো ঠায়ে ঠায়ে ভাৰত বন্ধৰ প্ৰভাৱ পৰা দেখা গৈছে যদিও সৰ্বাত্মক প্ৰভাৱ বুলি ক’ব নোৱাৰি।

এইবাৰ ভাৰত বন্ধৰ আহ্বান জনাইছে সংযুক্ত কিষাণ মৰ্চাই।

উল্লেখ্য যে যোৱা ২৬ ফেব্ৰুৱাৰীত কনফেডাৰেছন অৱ ইণ্ডিয়া ট্ৰেডাৰ্ছে আহ্বান ভাৰত বন্ধ আৰু চকা বন্ধ পালন কৰিছিল।

তিনিখনকৈ বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকে সুদীৰ্ঘ দিন দিল্লীৰ সীমান্তত আন্দোলন অব্যাহত ৰাখিছে যদিও চৰকাৰে কৃষকৰ আন্দোলনৰ প্ৰতি মুঠেও গুৰুত্ব দিয়া নাই।

চৰকাৰে কৃষকৰ দাবীক গুৰুত্ব নিদিয়াৰ প্ৰতিবাদতে সংযুক্ত কিষাণ মৰ্চাই অহা ২৬ মাৰ্চত ভাৰত বন্ধৰ আহ্বান জনাইছে।

শুকুৰবাৰে পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভাৰত বন্ধৰ আহ্বান জনোৱা হৈছে। বন্ধৰ সময়ছোৱাত ৰাজহুৱা অনুষ্ঠান–প্ৰতিষ্ঠান, বজাৰৰ উপৰি দেশজুৰি ৰে’লৰ চলাচল বন্ধ থাকে।

ভাৰত বন্ধৰ উপৰি ২৮ মাৰ্চত ‘হোলিকা দাহন’ৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তত কৃষকসকলে বিতৰ্কিত কৃষি আইন কেইখনৰ প্ৰতিলিপি দাহ কৰিব বুলি জানিবলৈ দিছে।

উল্লেখ্য কৃষি আইন বাতিলৰ দাবীত কৃষক সংগঠন সমূহে ৬ ফেব্ৰুৱাৰীৰ দিনাও ৰাষ্ট্ৰজোৰা চকা বন্ধ কাৰ্যসূচী পালন কৰিছিল।

কৃষক নেতাসকলে জানিবলৈ দিয়ে যে কাইলৈ পুৱা ৬বজাৰ পৰা ১২ ঘন্টাৰ বাবে ভাৰত বন্ধ পালন কৰিবলৈ আহ্বান জনাইছে।

ইপিনে, অসমৰ বিধানসভা নিৰ্বাচনৰ  প্ৰথম পৰ্যায়ৰ ৪৭টা সমষ্টিৰ বাবে নিৰ্বাচনৰ ভোটগ্ৰহণ অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’ব। ইয়াৰ এদিন পূৰ্বে দিয়া ভাৰত বন্ধৰ ফলত এই সমষ্টিসমূহ নিৰ্বাচনী প্ৰচাৰত বিশেষ প্ৰভাৱ পৰা নাই।

Related News