NORTHEAST NOW (Assamese)
অসম

শিহৰণকাৰী কলাৰে পুনৰ ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম হাজোৰ যুৱকৰ

Posted by: মৃদুল প্ৰীতম ডেকা March 9, 2021 10:35 am
Bhupen Das

এটা শিহৰণকাৰী দৃশ্য! দুই হাতত দুটা লোৰ হাকুটাৰে বিন্ধাই লৈছে এইজন যুৱকে! নাম এওঁৰ ভূপেন চন্দ্ৰ দাস।

এটাৰ পাছত আন এটা দুঃসাহসী কাম কৰি ৰেকৰ্ড গঢ়াতো এওঁৰ জীৱনৰ মূল লক্ষ্য। ভূপেন চন্দ্ৰ দাসে এইবাৰো ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ গৰাকী হ’ল।

হাতৰ মঙহত বিন্ধাই লোৱা হাকুটাৰে তিনি মিনিটৰো অধিক সময় ১২ কেজি ওজন দাঙি এই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ভূপেন।

ভূপেনক আজি হাজোৰ সাংবাদিকসকলে সম্বৰ্ধনা জনায়।

পূৰ্বেও ৰাষ্ট্ৰীয় পৰ্যায়ত এনে দুঃসাহসী ক্ৰীড়াৰ অনুষ্ঠানত ভাগ লৈছিল হাজোৰ ভূপেন চন্দ্ৰ দাসে।

বিভিন্ন দুঃসাহসিক ক্ৰীড়াৰে ভূপেনে কেইবাটাও ৰেকৰ্ড গঢ়িছে। ভূপেনক এতিয়া বিভিন্ন জনে শুভেচ্ছাৰে উপচাই দিছে।