NORTHEAST NOW (Assamese)

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

January 27, 2021 9:16 pm · এন ই নাও নিউজ

ৰাছিয়া আৰু আমেৰিকাৰ মাজত ট্ৰাম্পৰ শাসনকালত পুনৰ শীতল যুদ্ধই গা কৰি উঠিছিল।

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আসনৰ পৰা ট্ৰাম্প আঁতৰাৰ লগে লগে ৰাছিয়া- আমেৰিকাৰ সম্পৰ্ক পুনৰ স্বাভাৱিক হ’ব বুলি বহুতে ধাৰণা কৰিছে।

ইয়াৰ মাজতে আজি নৱ নিৰ্বাচিত মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনত কথা পাতে ।

মাৰ্কিন ৰাষ্ট্ৰপতি হিচাবে প্ৰথম বাৰৰ বাবে বিদেনে বিভিন্ন বিষয়কলৈ পুটিনৰ সৈতে কথা পাতে।

এই আলোচনা কালত বিদেনে ইউক্ৰেইনৰ বিৰুদ্ধে আৰু অধিক কঠোৰ ব্যৱ্স্থা গ্ৰহণ নকৰিবলৈ পুটিনক অনুৰোধ জনায়।

বিদেনে লগতে পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তিৰ ম্যাদ বৃদ্ধিৰ প্ৰসংগতো পুটিনৰ সৈতে খৰচি মাৰি আলোচনা কৰে।

উল্লেখ্য পাৰমাণৱিক অস্ত্ৰ নয়িন্ত্ৰণ চুক্তিৰ ম্যাদ চলিত বৰ্ছৰ ফেব্ৰুৱাৰী মাহত অন্ত পৰিব।

পুটিনৰ সৈতে হোৱা আলোচনা কালত বিদেন এই চুক্তিৰ ম্যাদ আৰু পাঁচ বছৰলৈ বৃদ্ধি কৰাৰ পোষকতা কৰে।

২০১০ চনতে তদানীন্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই ৰাছিয়াৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰিছিল।

শীতল যুদ্ধই চানি ধৰা দেশ দুখনৰ মাজত এক শান্তি আৰু নিৰাপত্তাৰ পৰিবেশ গঢ় দিয়াৰ বাবেই অ’বামাই ৰাছিয়াৰ সৈতে এই চুক্তি কৰিছিল।

প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৰাছিয়াৰ সৈতে থকা এই চুক্তিৰ প্ৰতি সঁহাৰি জনোৱাৰ পৰিৱৰ্তে বিভিন্ন প্ৰকাৰে চুক্তি খনৰ বিৰোধিতাহে কৰিছিল।

ফলত দেশ দুখনৰ মাজত পুনৰ উত্তেজনাই গা কৰি উঠিছিল।

Related News