NORTHEAST NOW (Assamese)

হঠাতে মঞ্চত উজুটি খাই পৰিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন; তাৰপিছত…(চাওক ভিডিঅ’)

June 2, 2023 11:11 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 2, 2023 11:20 am
ফটো: সংগ্ৰহীত।

হঠাতে মঞ্চত বাগৰি পৰি গ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন। স্থানীয় সময় অনুসৰি বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।

ক’লৰাড’ৰ আমেৰিকান এয়াৰ ফৰ্চ একাডেমীৰ স্নাতক অনুষ্ঠানৰ মঞ্চত হঠাতে উজুটি খাই পৰে বাইডেন। তাৰ পাছত নিৰাপত্তাৰক্ষীয়ে দুয়োহাতেৰে ওপৰলৈ টানি উঠালে ৰাষ্ট্ৰপতিগৰাকীক।

অৱশ্যে এই ঘটনাত তেওঁ আহত হোৱা নাই বা কোনো ধৰণৰ ক্ষতি হোৱা নাই বুলি খবৰ পোৱা গৈছিল।

লগতে পঢ়ক: জুনিয়ৰ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত; পাকিস্তানক হৰুৱাই অৰ্জন খিতাপ

বৰ্তমান জো বাইডেনৰ বয়স ৮০ বছৰ। তেওঁ আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ বয়সীয়াল ৰাষ্ট্ৰপতি।

এই অনুষ্ঠানত ৯২১ জন স্নাতক কেডেটৰ প্ৰতিজনৰ সৈতে বাইডেনে হাত মিলাইছিল বুলি জানিব পৰা গৈছে। ইয়াৰ বাবে তেওঁ প্ৰায় ডেৰ ঘণ্টা ধৰি থিয় হৈ থাকিবলগীয়া হৈছিল।

হোৱাইট হাউছৰ যোগাযোগ সঞ্চালক বেন লাবল্টে কয় যে বাইডেনে বৰ্তমান ভালে আছে।

বৃহস্পতিবাৰে বাইডেনৰ “উজুটি খাই পৰা”ৰ বিষয়ে বেন লাবল্টে টুইটাৰত লিখিছে যে ৰাষ্ট্ৰপতিয়ে হাত মিলাই থকাৰ সময়তে মঞ্চত বালিৰ বেগ এটা আছিল।

লগতে পঢ়ক: নীতিশ কুমাৰে আহ্বান কৰা বিৰোধী বৈঠকত থাকিব কংগ্ৰেছ; স্পষ্ট কৰিছে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে

অনুষ্ঠানৰ পিছত হোৱাইট হাউছলৈ উভতি অহাৰ সময়ত হাঁহিমুখীয়া বাইডেনে সাংবাদিকৰ আগত ধেমালি কৰি কয় যে, ‘মই বালিৰ বেগত আবদ্ধ হৈ পৰিছিলোঁ।

হোৱাইট হাউছৰ প্ৰেছ পুলৰ এক প্ৰতিবেদনত কোৱা হৈছে যে মঞ্চত খোজ কাঢ়ি যোৱাৰ সময়ত বাইডেনে ক’লা বালিৰ বেগ এটাত উজুটি খাই পৰি যায়।

Related News