• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নীতিশ কুমাৰে আহ্বান কৰা বিৰোধী বৈঠকত থাকিব কংগ্ৰেছ; স্পষ্ট কৰিছে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2023 8:57 am
কংগ্রেছ নেতা জয়ৰাম ৰমেশ। ফাইল ফটো।

কংগ্রেছ নেতা জয়ৰাম ৰমেশ। ফাইল ফটো।

3.7k
VIEWS
Share on FacebookShare on Twitter

নীতিশ কুমাৰৰ আহ্বানত অহা ১২ জুনত পাটনাত বিৰোধী দলৰ প্ৰথমখন সন্মিলিত বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত আপৰ লগতে ২১টা বিৰোধী দলৰ ভিতৰত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ অন্যতম। কিন্তু শেহতীয়াকৈ এই বৈঠকত কংগ্ৰেছে উপস্থিত নাথাকিব পাৰে বুলি সন্দেহৰ সৃষ্টি হৈছিল। এনে পৰিস্থিতিত কংগ্ৰেছে জনাইছে যে তেওঁলোক পাটনাত অনুষ্ঠিত হোৱা বৈঠকত থাকিব।

নীতিশ-তেজস্বীক পূর্বে এই বৈঠক অনুষ্ঠিত কৰাৰ আহ্বান জনাইছিল বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে৷ সেই অনুৰোধ ৰক্ষা কৰি জুন মাহৰ তৃতীয় সপ্তাহত বিহাৰৰ মুখ্যমন্ত্ৰীয়ে এখন বৈঠক আহ্বান কৰে।

এই বৈঠকত জেডিইউ, এনচিপি, আৰজেডি, ডিএমকেকে ধৰি বিৰোধী দলৰ অধিকাংশই উপস্থিত থাকিব। পৰৱর্তী নির্বাচনত বিৰোধী ঐক্যৰ দিশ সেইদিনা নির্ধাৰণ হ’ব বুলি ধাৰণা কৰা হৈছে৷

লগতে পঢ়ক: জুনিয়ৰ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত; পাকিস্তানক হৰুৱাই অৰ্জন খিতাপ

কিন্তু বৈঠকত কংগ্ৰেছৰ অংশগ্ৰহণক লৈ সন্দেহৰ সৃষ্টি হৈছিল। কিয়নো কংগ্ৰেছৰ টিকটত জয়লাভ কৰি ৩ মাহৰ ভিতৰতে শিবিৰ সলনি কৰিলে পশ্চিমবংগৰ সাগৰদিঘিৰ বিধায়ক বাইৰন বিশ্বাসে।

ইয়াৰ পিছতে জয়ৰাম ৰমেশে টুইটাৰত লিখিছিল, ‘’পশ্চিম বংগত কংগ্ৰেছৰ টিকটত ঐতিহাসিক জয়ৰ মাত্ৰ ৩ মাহৰ পাছতেই বাইৰন বিশ্বাস তৃণমূলৰ প্ৰলোভনত পৰিল। ই সাগৰদিঘী ভোটাৰৰ প্ৰতি সম্পূৰ্ণ প্ৰতাৰণা। ইয়াৰ পূৰ্বে মেঘালয়, ত্ৰিপুৰা, গোৱা আদি কেইবাখনো ৰাজ্যত অনুৰূপ ঘটনা সংঘটিত হৈছে। এনে পদক্ষেপে বিৰোধীৰ ঐক্য শক্তিশালী নকৰে। বৰং ই বিজেপিৰ উদ্দেশ্য পূৰণ কৰে।‘’

এই টুইটৰ পিছতে এই পৰিস্থিতিত কংগ্ৰেছে তৃণমূলৰ উপস্থিতিত বিৰোধী বৈঠকত দৰাচলতে অংশ ল’বনে তাক লৈ আৰম্ভ হয় জল্পনা-কল্পনা।  কিন্তু জয়ৰাম ৰমেশে বৃহস্পতিবাৰে কয়, ‘’আমি ১২ জুনৰ বৈঠকত থাকিম। ৰাহুল গান্ধী নাই। দলৰ সভাপতি খাৰ্গেৰো বহু কাৰ্যসূচী আছে। যদি তেওঁলোকে যাব নোৱাৰে তেন্তে আন কোনোবাই যাব।”

লগতে পঢ়ক: দশম শ্ৰেণীৰ পাঠ্যপুথিৰ পৰা বাদ পৰিল ‘পিৰিয়ডিক টেবুল’,‘গণতন্ত্ৰৰ অধ্যায়: বিতৰ্কত NCERT

উল্লেখ্য যে ৰাহুল ১০ দিনীয়া ভ্ৰমণত আমেৰিকালৈ গৈছে। এনে পৰিস্থিতিত তেওঁৰ সলনি কোন নেতা বৈঠকত থাকিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd