• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুনিয়ৰ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত; পাকিস্তানক হৰুৱাই অৰ্জন খিতাপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2023 8:14 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানক পৰাস্ত কৰি ভাৰতে জুনিয়ৰ এছিয়া কাপ হকীত চেম্পিয়ন হৈছে। ফাইনেলত ভাৰতৰ ২১ বছৰ অনুৰ্ধৰ জুনিয়ৰ দলটোৱেপাকিস্তানক  ২-১ গ’লত পৰাস্ত কৰে। প্ৰায় সমগ্ৰ খেলখনত ভাৰতীয় দলটোৱে আধিপত্য বিস্তাৰ কৰিছিল।

ভাৰতীয় দলটোৱে আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক ৰূপত আৰম্ভ কৰিছিল। প্ৰথম কোৱাৰ্টাৰত ভাৰতে ১-০ গ’লত অগ্ৰগতি লাভ কৰে। সুনীত লাক্ৰাৰ পৰা ওপৰেৰে নিয়া এটা শ্বট মুকলিকৈ লাভ কৰে আদিত্যই। তেওঁ বলটো ‘ডি’ৰ ভিতৰত থকা ষ্ট্ৰাইকাৰ অৰিজিত সিঙক দিয়ে। শ্বটটো পাক গ’লৰক্ষকে ব্লক কৰিছিল যদিও কোনো লাভ নহ’ল। ৰিটাৰ্ণ বলত দ্ৰুত শ্বটেৰে গ’ল দিয়ে অংগদ বীৰ সিঙে।

লগতে পঢ়ক: প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ আন এগৰাকী অসম বিজেপিৰ নেতা

Apply Now

দ্বিতীয় কোৱাৰ্টাৰত ভাৰতে পুনৰ গ’ল দিয়ে। এইবাৰ অংগদৰ পৰা বলটো পাই অৰিজিতে গ’ল দিয়ে। পাকিস্তানে মূলতঃ প্ৰত্যাক্ৰমণভিত্তিক হকী খেলিছিল। কেইবাটাও পেনাল্টি কৰ্ণাৰ লাভ কৰাৰ পিছতো পাকিস্তানে প্ৰথম দুটা কোৱাৰ্টাৰত গ’ল দিব পৰা নাছিল।

০-২ গ’লত পিছ পৰি থকাৰ পাছত তৃতীয় কোৱাৰ্টাৰত পাকিস্তানে আক্রমণ বৃদ্ধি কৰে৷ এইবাৰ বাছাৰত আলীয়ে পাকিস্তানৰ হৈ ব্যৱধান কমাই দিয়ে। ব্যৱধান কমাই দিয়াৰ পাছত পাকিস্তানে সমতা স্থাপনৰ বাবে আপ্ৰাণ চেষ্টা কৰিছিল। ভাৰতীয় ৰক্ষণৰ ওপৰত চাপ বাঢ়িছিল। ভাৰতীয় দলৰ গ’লৰক্ষক মোহিত এই সময়ত প্ৰায় অভেদ্য হৈ পৰে। তেওঁ কেইবাটাও ভাল ছেভ কৰিছিল। শেষত ভাৰতেও এই ব্যৱধান বৃদ্ধি কৰাৰ সুযোগ পাইছিল যদিও ইয়াক ব্যৱহাৰ কৰিব নোৱাৰিলে।

লগতে পঢ়ক: দশম শ্ৰেণীৰ পাঠ্যপুথিৰ পৰা বাদ পৰিল ‘পিৰিয়ডিক টেবুল’,‘গণতন্ত্ৰৰ অধ্যায়: বিতৰ্কত NCERT

ফাইনেলৰ পূৰ্বে ওমানৰ ছালালাহত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ গ্ৰুপ পৰ্যায়ত ভাৰত-পাকিস্তানৰ মুখামুখি হৈছিল। ২৭ মে’ত ভাৰতে অগ্ৰগতি লাভ কৰিও জয়ী হ’ব পৰা নাছিল। খেলখন ১-১ গ’লত সমাপ্ত হয়। দুয়োখন দেশে গ্ৰুপত এখনো মেচত পৰাস্ত হোৱা নাই। দুয়োখন দেশে ১০ পইণ্টেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰে। গ’লৰ ব্যৱধানত ভাৰতে গ্ৰুপত শীৰ্ষস্থান দখল কৰে।

Congratulations to the Indian Junior Men's Team for clinching Gold and announcing themselves as the Best in Asia in the Men's Junior Asia Cup 2023#HockeyIndia #IndiaKaGame #AsiaCup2023 #GoldToIndianColts#GloryToIndianColts pic.twitter.com/Bk1xNlARht

— Hockey India (@TheHockeyIndia) June 1, 2023

পাকিস্তানৰ খেলখনৰ বাহিৰেও গ্ৰুপৰ বাকী মেচসমূহত ভাৰতে বৃহৎ ব্যৱধানত জয়লাভ কৰে। ভাৰতীয় দলে চীনৰ টাইপেইৰ বিৰুদ্ধে ১৮-০ আৰু জাপানৰ বিৰুদ্ধে ৩-১ গ’লত জয়লাভ কৰে। থাইলেণ্ডক ১৭-০ গ’লত পৰাস্ত কৰে ভাৰতে। পাকিস্তানেও গ্ৰুপ পৰ্যায়ত যথেষ্ট শক্তি দেখুৱাই শেষৰ চাৰিটাত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। চীনৰ টাইপেইক ১৫-১, থাইলেণ্ড ৯-০ আৰু জাপানক ৩-২ গ’লত পৰাস্ত কৰে।

আনকি ছেমি ফাইনেলতো ভাৰত আৰু পাকিস্তানে কঠোৰ যুঁজৰ সন্মুখীন হ’বলগীয়া হোৱা নাছিল। ছেমি ফাইনেলৰ যুঁজত ভাৰতৰ ২১ বছৰ অনুৰ্ধ হকী দলে দক্ষিণ কোৰিয়াক ৯-১ গ’লত পৰাস্ত কৰে। মালয়েছিয়াৰ বিৰুদ্ধে পাকিস্তানে ৬-২ গ’লত জয়লাভ কৰে।

লগতে পঢ়ক: জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই আৰক্ষীৰ অপৰাধীকৰণৰ ছবিখন স্পষ্ট কৰিলে: ডি ৱাই এফ আই

ফাইনেললৈকে ভাৰতে ৫খন খেলত ৪৮টা গ’ল দিয়ে। ভাৰতৰ বিৰুদ্ধে হৈছে ৩টা গ’ল। আনহাতে, পাকিস্তানে একে সংখ্যক খেলত ৩৪টা গ’ল দিয়ে। দলটোৱে ৬টা গ’ল খায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভূতপূৰ্ব! চাৰি মাহত ২২ জন লোকক মৃত্যুদণ্ড দিয়া কোন এইগৰাকী ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

অভূতপূৰ্ব! চাৰি মাহত ২২ জন লোকক মৃত্যুদণ্ড দিয়া কোন এইগৰাকী ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

August 18, 2026 8:53 am
ভাৰতত ১০ জনৰ ভিতৰত ৮ জনেই প্ৰেছাৰ-ছুগাৰত আক্ৰান্ত; অজানিতে ক্ষতি হৈছে হাৰ্ট-কিডনিৰ! কি পৰীক্ষা কৰিব?

ভাৰতত ১০ জনৰ ভিতৰত ৮ জনেই প্ৰেছাৰ-ছুগাৰত আক্ৰান্ত; অজানিতে ক্ষতি হৈছে হাৰ্ট-কিডনিৰ! কি পৰীক্ষা কৰিব?

August 18, 2026 7:59 am
চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভূতপূৰ্ব! চাৰি মাহত ২২ জন লোকক মৃত্যুদণ্ড দিয়া কোন এইগৰাকী ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

অভূতপূৰ্ব! চাৰি মাহত ২২ জন লোকক মৃত্যুদণ্ড দিয়া কোন এইগৰাকী ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

August 18, 2026 8:53 am
ভাৰতত ১০ জনৰ ভিতৰত ৮ জনেই প্ৰেছাৰ-ছুগাৰত আক্ৰান্ত; অজানিতে ক্ষতি হৈছে হাৰ্ট-কিডনিৰ! কি পৰীক্ষা কৰিব?

ভাৰতত ১০ জনৰ ভিতৰত ৮ জনেই প্ৰেছাৰ-ছুগাৰত আক্ৰান্ত; অজানিতে ক্ষতি হৈছে হাৰ্ট-কিডনিৰ! কি পৰীক্ষা কৰিব?

August 18, 2026 7:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd