• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই আৰক্ষীৰ অপৰাধীকৰণৰ ছবিখন স্পষ্ট কৰিলে: ডি ৱাই এফ আই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2023 5:42 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰক্ষী উপপৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পাছতেই অসম আৰক্ষীৰ এটাৰ পিছত আনটো বিস্ফোৰক কাহিনী পোহৰলৈ আহিছে৷ বিপ্লৱ কুমাৰ শৰ্মা ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰা আৰু অসম পুলিচৰ অভিযোগনামাত নাম সন্নিবিষ্ট এচাম ঠগ প্ৰৱঞ্চনা আৰু জালিয়াতিৰে বাচনিভূক্ত বিষয়াৰেই যেন চলিছে অসম আৰক্ষী তথা ৰাজ্যৰ প্ৰশাসন৷ এই অভিযোগ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিৰ।

ডি ৱাই এফ আইৰ  অভিযোগ যে এজনৰ পিছত  আন এজন লাট মণ্ডল বা তাৰ তলৰ খাপৰ চৰকাৰী কৰ্মচাৰীক দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰি বাহঃ বাহঃ লোৱা অসম পুলিচৰ ভিতৰচ’ৰাৰ ভয়ংকৰ দুৰ্নীতি আৰু অপৰাধ জগতৰ সৈতে থকা মধুৰ সম্পৰ্কৰ ছবিখন জোনমণি ৰাভাৰ ঘটনাই যেন স্পষ্ট কৰিলে৷ লগতে পোহৰলৈ আহিছে  নগাঁও আৰু উত্তৰ লক্ষীমপুৰৰ নকল সোণ আৰু জাল নোট চক্ৰৰ সৈতে জিলাদুখনৰ আৰক্ষীৰ শীৰ্ষ মহল পৰ্যন্ত থকা গোপন বুজাবুজি৷

আন এক গুৰুত্বপূৰ্ণ কথা হ’ল জোনমণি ৰাভাৰ মাকে এজাহাৰত উল্লেখ কৰা নগাঁওৰ আৰক্ষী অধীক্ষক লীনা দলেক বৰ্খাস্ত অথবা গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে এইখন চৰকাৰে অন্য এখন জিলাৰ অধীক্ষক পাতি পুৰস্কৃতহে কৰিলে৷ এই ঘটনাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰখনে প্ৰকৃততে যে এচাম অভিযুক্ত আৰক্ষী তথা ৰাজপত্ৰিত বিষয়াক সুৰক্ষা দি আহিছে – সেই অভিযোগৰ পুনৰ প্ৰমাণিত কৰিলে৷

Apply Now

উল্লেখ্য যে ৰাজ্য কঁপোৱা অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ ক্ষেত্ৰত গঠন কৰা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে প্ৰায় ৩৪ জন ৰাজপত্ৰিত আৰু আৰক্ষী বিষয়াক ঠগ প্ৰবঞ্চনাৰে বাচনিভূক্ত হোৱা বুলি উল্লেখ কৰে৷ লগতে ২০১৩ বৰ্ষৰ সেই সমগ্ৰ অসামৰিক সেৱা পৰীক্ষাটোৱেই চূড়ান্ত বেআইনীভাৱে অনুষ্ঠিত হোৱা বুলি প্ৰকাশ কৰিছিল৷ কিন্তু অসম চৰকাৰে বিগত বৰ্ষৰ ২ এপ্ৰিলত গ্ৰহণ কৰা এই প্ৰতিৱেদন আজি পৰ্যন্ত কাৰ্যকৰী নকৰিলে৷ আনকি প্ৰতিবেদন ৰাজহুৱা কৰাৰ সৎ সাহস এইখন  চৰকৰৰ নহ’ল৷ বৰং একাংশ ঠগ-প্ৰবঞ্চনাৰে বাচনিভূক্ত আৰক্ষী আৰু ৰাজপত্ৰিত বিষয়াক পদোন্নতিৰে পুৰস্কৃত কৰিলে৷

জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিছত একাংশ আৰক্ষী-মাফিয়াৰ নাম সাঙোৰ খাই পৰিছে৷ এই ঘটনাত নাম সাঙোৰ খাই পৰা নগাঁও আৰু লক্ষীমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰমে ৰুণা নেওঁগ আৰু ৰূপজ্যোতি কলিতাও এই বিতৰ্কিত ২০১৩ বৰ্ষৰেই বাচনিভূক্ত বিষয়া অৰ্থাৎ ন্যায়িক আয়োগৰ ভাষাত কবলৈ গ’লে মজ্জাগতভাৱে অবৈধ(Systemic illegalities) কৰ্মকাণ্ডৰ  ফচল৷

গতিকে এক বেআইনী নিযুক্তি প্ৰক্ৰিয়াৰ দ্বাৰা বাছনিভূক্ত বিষয়াৰ পৰা আমি এনেধৰণৰ কৰ্মকাণ্ডতকৈ বেলেগ আশা কৰিব নোৱাৰো৷ আনকি নগাঁওৰ অধীক্ষক লীনা দলেও মুখ্যমন্ত্ৰীৰ ভাতৃ সুশান্ত বিশ্ব শৰ্মা লগত একে বছৰতে আয়োগৰ আন এজন কলংকিত অধ্যক্ষ তাৰাপ্ৰসাদ দাসৰ আমোলত বাছনিভূক্ত হৈছিল৷

কেৱল এয়াই নহয়, আনকি ২০১৯ চনতেই অসম আৰক্ষীয়ে ঠগ, প্ৰবঞ্চনা, ষড়যন্ত্ৰ আৰু দুৰ্নীতিৰে বাছনিভূক্ত হোৱা বুলি অভিযোগ নামাত উল্লেখ কৰা ৰাকেশ পালৰ আমোলৰ ৩৫ জন কৃষি উন্নয়ন বিষয়াই এতিয়া দপদপাই চাকৰি কৰি আছে৷ ইয়াৰে এগৰাকী আকৌ শেহতীয়াকৈ আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰিছে৷ গতিকে এইবোৰ ঘটনাৰ দ্বাৰা প্ৰমাণিত হৈছে যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ পৃষ্ঠপোষকতাতেই প্ৰশাসনিক ব্যৱস্থাটো একপ্ৰকাৰৰ অপৰাধীকৰণৰ দিশে গতি কৰিছে৷

এইক্ষেত্ৰত আৰক্ষীৰ অপৰাধীকৰণৰ ছবিখন আটাইতকৈ ভয়ংকৰ৷ যাৰ জলন্ত উদাহৰণ শেহতীয়া এই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু আৰু পৰৱৰ্তীকালত উদঘাটন হোৱা আন বহু ভয়াবহ তথ্য৷

আজি গুৱাহাটীৰ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত সংগঠনটোৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাস আৰু যুটীয়া সম্পাদক নিৰংকুশ নাথে উক্ত বিষয়সমূহ উত্থাপন কৰি অসম চৰকাৰক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ লগতে এই ঘটনাৰ পিছত পোহৰলৈ অহা অসম আৰক্ষীৰ অপৰাধীকৰণৰ তথা কেলেংকাৰীৰ ভয়াবহ তথ্যসমূহৰ ন্যায়িক তদন্তৰ দাবী জনায় আৰু লগতে অতি শীঘ্ৰেই ন্যায়াধীশ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰি দোষী সাব্যস্ত কৰা বিষয়া আৰু অসম পুলিছে অভিযোগনামাত নাম উল্লেখ কৰা বিষয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ দাবী উত্থাপন কৰে।                                              

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সময়সীমা বৃদ্ধিৰ আবেদন নাকচ: ‘দিন-ৰাতি একাকাৰ কৰি কাম কৰক’, আৰাৱলী কমিটীলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

সময়সীমা বৃদ্ধিৰ আবেদন নাকচ: ‘দিন-ৰাতি একাকাৰ কৰি কাম কৰক’, আৰাৱলী কমিটীলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

September 7, 2026 5:30 pm
হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

September 7, 2026 3:39 pm
বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সময়সীমা বৃদ্ধিৰ আবেদন নাকচ: ‘দিন-ৰাতি একাকাৰ কৰি কাম কৰক’, আৰাৱলী কমিটীলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

সময়সীমা বৃদ্ধিৰ আবেদন নাকচ: ‘দিন-ৰাতি একাকাৰ কৰি কাম কৰক’, আৰাৱলী কমিটীলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

September 7, 2026 5:30 pm
হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

September 7, 2026 3:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd