ভালপোৱা নে নিয়ন্ত্ৰণৰ মানসিকতা? সম্পৰ্কত অধিকাৰ দেখুওৱাৰ নামত সংগীয়ে আপোনাৰ স্বাধীনতা কাঢ়ি লৈছে নেকি? আপুনি কি পিন্ধিব, ক’লৈ যাব, কাৰ সৈতে কথা পাতিব, আনকি কেতিয়া ফোন ধৰিব, সেই সকলো কথাতে সংগীয়ে হস্তক্ষেপ কৰে নেকি? বহু সময়ত ভালপোৱাৰ নামত আৰম্ভ হোৱা এনে আচৰণেই পিছলৈ মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ ৰূপ ল’ব পাৰে। শেহতীয়াকৈ কলকাতাত এগৰাকী মহিলাক তেওঁৰ লিভ-ইন সংগীয়ে হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে পুনৰ চৰ্চালৈ আহিছে সম্পৰ্কত নিৰ্যাতন আৰু অধিকাৰ দেখুওৱাৰ বিপজ্জনক দিশ।
পুলিচৰ প্ৰাথমিক অনুমান অনুসৰি, দুয়োৰে মাজত হোৱা কাজিয়াৰ সময়ত ধাৰাল অস্ত্ৰৰে মহিলাগৰাকীক আঘাত কৰা হৈছিল। অৱশ্যে এনে ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও ভালপোৱাৰ সম্পৰ্কৰ পৰিণতি হত্যা আৰু হিংসাত্মক ঘটনালৈ গতি কৰাৰ বহু অভিযোগ উত্থাপিত হৈছে। প্ৰশ্ন হয়, এসময়ত যিজন মানুহক নিজৰ আটাইতকৈ আপোন বুলি ভবা হৈছিল, সেইজনৰ প্ৰতিয়েই কেনেকৈ ইমান ক্ষোভ, প্ৰতিশোধৰ মানসিকতা আৰু বিদ্বেষৰ জন্ম হয়?
বহু সম্পৰ্কতে খঙৰ সময়ত সংগীৰ গাত হাত তোলা, অপমান কৰা অথবা কথাৰে আঘাত কৰাৰ ঘটনা দেখা যায়। কিন্তু ভালপোৱাৰ নামত এজন প্ৰাপ্তবয়স্ক মানুহক শাৰীৰিক বা মানসিকভাৱে নিৰ্যাতন কৰাৰ অধিকাৰ কাৰো থাকিব পাৰে জানো? এই সন্দৰ্ভত মনোবিদ অনন্যা সেনগুপ্তই আজকাল ডট ইনক জনোৱা মতে, সুস্থ সম্পৰ্কত শাৰীৰিক নিৰ্যাতনৰ কোনো স্থান নাই। ভালপোৱা আৰু অধিকাৰ দেখুওৱাৰ মানসিকতা একে কথা নহয়।
মনোবিদগৰাকীৰ মতে, সংগীক মাৰধৰ কৰা, অপমানজনক কথা কোৱা অথবা শাৰীৰিকভাৱে হাৰাশাস্তি কৰাটো আচলতে সংগীৰ ওপৰত নিয়ন্ত্ৰণ প্ৰতিষ্ঠা কৰাৰ এক ৰূপ। এজন ব্যক্তিৰ পাৰিবাৰিক পৰিৱেশ, শৈশৱৰ অভিজ্ঞতা, পৰিস্থিতিৰ সৈতে খাপ খুৱাই লোৱাৰ ক্ষমতা আৰু নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰাৰ সামৰ্থ্যই তেওঁৰ আচৰণত প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ ‘মই যি বিচাৰোঁ, সেয়া এতিয়াই হ’ব লাগিব’ অথবা ‘মই কোৱা মতে কিয় নকৰিলা’—এনে মানসিকতাই সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰে আৰু বহু সময়ত নিৰ্যাতনৰ ৰূপ লয়।
মনোবিজ্ঞানৰ ভাষাত এনে আচৰণৰ ধাৰাক ‘নিৰ্যাতনৰ চক্ৰ’ বুলি কোৱা হয়। মনোবিদৰ মতে, প্ৰথমে দুয়োৰে মাজত কিছুমান আশা আৰু চাহিদাৰ সৃষ্টি হয়। সেই আশা পূৰণ নোহোৱাৰ ফলত সম্পৰ্কত মতানৈক্য আৰু সংঘাত আৰম্ভ হয়। পৰৱৰ্তী সময়ত মৌখিক, শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলিব পাৰে। এসময়ত নিৰ্যাতন চলোৱা সংগীজনে নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰে আৰু পুনৰ এনে আচৰণ নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে। তাৰ পিছত সম্পৰ্কত পুনৰ আগৰ দৰে ভালপোৱা আৰু আন্তৰিকতা ঘূৰি অহাৰ এটা সময় আহে। এই সময়ছোৱাক ‘হানিমুন পৰ্যায়’ বুলি কোৱা হয়। কিন্তু বহু ক্ষেত্ৰত এই পৰিৱৰ্তন স্থায়ী নহয় আৰু কিছুদিনৰ পিছতে পুনৰ একে ধৰণৰ নিৰ্যাতন আৰম্ভ হয়। এনেদৰেই লাহে লাহে সম্পৰ্কটো বিষাক্ত হৈ পৰে।
তেন্তে সম্পৰ্কত সংগীৰ কোনবোৰ আচৰণ বিপদৰ আগজাননী হ’ব পাৰে? মনোবিদ অনন্যা সেনগুপ্তৰ মতে, সংগীয়ে যদি আপোনাৰ ব্যক্তিগত জীৱনৰ প্ৰতিটো দিশ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে, তেন্তে সেয়া গুৰুত্বসহকাৰে লোৱা উচিত। আপুনি কি পিন্ধিব, ক’লৈ যাব, কেতিয়া ফোন ধৰিব, পৰিয়ালৰ লোকৰ সৈতে কেতিয়া কথা পাতিব—এই সকলো বিষয়তে সংগীয়ে নিজৰ সিদ্ধান্ত জাপি দিব বিচাৰিলে সেয়া সুস্থ সম্পৰ্কৰ লক্ষণ নহয়।
ইয়াৰ উপৰি সংগীয়ে যদি আপোনাৰ ব্যক্তিত্ব, পছন্দ-অপছন্দ আৰু অপূৰ্ণতাসমূহ গ্ৰহণ কৰিব নোৱাৰে, বৰং নিজৰ মতে আপোনাক সলনি কৰাৰ চেষ্টা কৰে, তেন্তেও সাৱধান হোৱা প্ৰয়োজন। আপোনাৰ প্ৰতিটো কামতে দোষ বিচৰা, নিজৰ ইচ্ছামতে চলিবলৈ বাধ্য কৰা অথবা আপোনাৰ স্বাধীনতাত হস্তক্ষেপ কৰাটোও নিৰ্যাতনমূলক আচৰণৰ লক্ষণ হ’ব পাৰে। মনোবিদগৰাকীৰ মতে, এনে সংগীৰ আচৰণক সম্পৰ্কৰ বাবে বিপদৰ আগজাননী হিচাপে চোৱা উচিত।
এনে সম্পৰ্কৰ পৰা ওলাই অহাৰ ক্ষেত্ৰতো গুৰুত্ব দিছে মনোবিদগৰাকীয়ে। তেওঁৰ পৰামৰ্শ, নিজৰ ইচ্ছা আৰু সীমা স্পষ্টকৈ প্ৰকাশ কৰিব লাগিব। প্ৰয়োজনত ‘নাই’ বুলি ক’বলৈ শিকিব লাগিব আৰু নিজৰ ব্যক্তিগত পৰিসৰ সুৰক্ষিত ৰাখিব লাগিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, আন এজন মানুহক ভালপোৱাৰ আগতে নিজৰ সন্মান আৰু স্বাধীনতাক গুৰুত্ব দিব লাগিব।
কাৰণ ভালপোৱা কেতিয়াও ভয়, সন্দেহ, অপমান আৰু নিয়ন্ত্ৰণৰ আন এটা নাম হ’ব নোৱাৰে। যি সম্পৰ্কত নিজৰ পছন্দ, স্বাধীনতা আৰু আত্মসন্মানৰ কোনো মূল্য নাথাকে, সেই সম্পৰ্কক সুস্থ সম্পৰ্ক বুলি ক’ব নোৱাৰি। সংগীৰ অধিকাৰ দেখুওৱাৰ নামত আৰম্ভ হোৱা নিয়ন্ত্ৰণৰ মানসিকতাক ভালপোৱা বুলি মানি লোৱাৰ আগতে সেয়া নিৰ্যাতনৰ আৰম্ভণি নেকি, এবাৰ নিজকে প্ৰশ্ন কৰাৰ সময় আহিছে।





