NORTHEAST NOW (Assamese)

বন্ধুৰ সৈতে এনে ব্যৱহাৰ কৰিব নাপায়, ট্ৰাম্পক কিয় এই পৰামৰ্শ দিলে বিডেনে?

October 25, 2020 2:23 pm · এন ই নাও নিউজ

বন্ধুৰ সৈতে সদায় ভাল ব্যৱহাৰ কৰিব লাগে।

তেতিয়াহে বন্ধুত্ব টিকি থাকিব। মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক উদ্দেশ্যি এই মন্তব্য কৰিলে ডেমক্ৰেটিক দলৰ ৰাৈষ্ট্ৰপত পদৰ প্ৰাৰ্থী জো বিডেনে।

শেহতীয়াকৈ ভাৰতৰ বতাহ অতি লেতেৰা বুলি ট্ৰাম্পে কৰা মন্তব্য সন্ধৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিডেনে এনেদৰে কয়।বিডেনে লগতে কয় যে আমেৰিকাত থকা প্ৰায় ২০ লাখ ভাৰতীয় মূলৰ লোকক সুৰক্ষা দিয়াত ট্ৰাম্প ব্যৰ্থ হৈছে।

সেয়ে ভাৰতীয় মূলৰ লোকসকলৰ আস্থা হেৰুৱাইছে ট্ৰাম্পে।

উল্লেখ্য ভাৰতৰ বতাহ বৰ লেতেৰা। চীন আৰু ৰাছিয়াৰ বতাহো লেতেৰা বুলি মন্তব্য কৰিছিল ট্ৰাম্পে।

জলবায়ু পৰিৱৰ্তনৰ প্ৰসংগত মন্তব্য কৰিবলৈ গৈ ট্ৰাম্পে এনেদৰে কৈছিল।

ট্ৰাম্পে কয় যে জলবায়ু পৰিৱৰ্তনৰ বিষয়ত আমেৰিকা সজাগ যদিও পেৰিছ চুক্তিৰ পৰা আমেৰিকা ওলাই আহিছে কেতবোৰ বিশেষ কাৰণত।

পেৰিছ জলবায়ু চুক্তিত আমেৰিকাই বিশেষ কোনো গুৰুত্ব পোৱা নাছিল বুলি ট্ৰাম্পে মন্তব্য কৰে।

পেৰিছ চুক্তিৰ পৰা ওলাই অহাৰ বাবেই আমেৰিকাত লাখ লাখ লোকৰ চাকৰি বচাব পৰাৰ লগতে কেইবা ত্ৰিলিয়ন মাৰ্কিন ডলাৰ ৰাহি কৰিব পৰা গৈছে বুলি ট্ৰাম্পে প্ৰকাশ কৰে।

যিটো সময়ত আমেৰিকাৰ বিদেশ সচিব মাইক পম্পিঅ ভাৰতলৈ আহিছে সেই সময়তে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতৰ বতাহ অতি লেতেৰা বুলি কৰা মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ভাৰতৰ তুলনাত আমেৰিকাৰ দৰে উন্নত দেশ সমূহত প্ৰদূষণৰ মাত্ৰা অতি বেছি যদিও উন্নত দেশ সমূহে কাৰ্বনৰ নিঃসৰণ বন্ধ কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

 

Related News