NORTHEAST NOW (Assamese)
অসম

উত্তৰ মাৰ্ঘেৰিটা লেখিকা সংস্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ January 20, 2020 7:36 am

অসম লেখিকা সংস্থাৰ উত্তৰ মাৰ্ঘেৰিটা শাখাৰ দ্বি বাৰ্ষিক অধিবেশন দেওবাৰে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। মাৰ্ঘেৰিটা উন্নয়ন খণ্ড সভাগৃহত অনুষ্ঠিত অধিৱেশনৰ বন্তী প্ৰজ্বলন কৰে সভানেত্ৰী টুনু গগৈয়ে৷

উত্তৰ মাৰ্ঘেৰিটা লেখিকা সংস্থাৰ মুখপত্ৰ ‘বৰ্ণ মালঞ্চ’ উন্মোচন কৰে অসম লেখিকা সংস্থাৰ প্ৰাক্তন সভানেত্ৰী ইনু মহন্ত কলিতাই। অধিৱেশন উপলক্ষ্যে জ্যেষ্ঠ লেখিকা গুণ লতা মহন্তক সম্বৰ্ধনা জনোৱা হয়৷

টুনু গগৈৰ সঞ্চালনাত অনুষ্ঠিত অন্তৰংগ আলাপ অনুষ্ঠানত ৰুণজুন শইকীয়াই বৰগীত পৰিৱেশন কৰাৰ লগতে পাৰুল দুৱৰী, জোনালী বৰা শইকীয়া, নিকুঞ্জ গগৈ, ৰুক্মিনী হালৈ, ডিম্পী বৈশ্য, গীতা দেবী নেওগ,  বিনু কলিতা, বন্দনা দাস দত্তই স্বৰচিত কবিতা পাঠ, বিটুমণি মালিয়া আৰু সন্ধ্যা ফুকনে গীত পৰিৱেশন কৰে।

বিয়লি অনুষ্ঠিত বিষয় বাছনি সভাত টুনু গগৈক সভানেত্ৰী, গীতা দেবী নেওগক উপ সভানেত্ৰী, বিটুমণি মালিয়াক সাধাৰণ সম্পাদিকা, পাৰুল দুৱৰীক সহকাৰী সম্পাদিকা, মিতালী গগৈক সাংস্কৃতিক সম্পাদিকা ৰূপে লৈ উত্তৰ মাৰ্ঘেৰিটা লেখিকা সংস্থাৰ পৰবৰ্তী ২বছৰীয়া কাৰ্য্যকালৰ বাবে সমিতিখন গঠন কৰা হয়।

উল্লেখযোগ্য যে উত্তৰ মাৰ্ঘেৰিটা লেখিকা সংস্থাই অঞ্চলটোৰ নাৰী সকলৰ মাজত সাহিত্যৰ ভৰাল চহকী কৰাৰ ক্ষেত্ৰত সময়ে সময়ে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে৷