NORTHEAST NOW (Assamese)

জন্মু-কাশ্মীৰৰ স্থানীয় নিৰ্বাচনত বিজেপিৰ মুখ থেকেচা! : বৃহৎ ব্যৱধানত আগবাঢ়িছে যৌথ আঞ্চলিক শক্তি

December 22, 2020 3:21 pm · এন ই নাও নিউজ

জন্মু-কাশ্মীৰৰ স্থানীয় জিলা উন্নয়ন পৰিষদ(DDC)ৰ নিৰ্বাচন মুখ থেকেচা খাইছে ভাৰতীয় জনতা পাৰ্টিয়ে।

বৰ্তমানেও ভোট গণনা চলি থকা জন্মু কাশ্মীৰ জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনত ফাৰুক আব্দুলাৰ নেতৃত্বাধীন আঞ্চলিক মিত্ৰ শক্তি গুপকৰ ডিক্লীৰেশ্যনে বিজেপিতকৈ বৃহ পৰিমাণৰ আসনত আগবাঢ়ি আছে।

গুপকৰ আঞ্চলিক মিত্ৰ শক্তিত ফাৰুক আব্দুলাৰ নেশ্যনেল কনফাৰেনচ আৰু মেহবুবা মুফটিৰ পিপলছ ডেমক্ৰেটিকছ পাৰ্টিও আছে।

উল্লেখ্য যে জন্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ ক্ষমতা কৰ্তনৰ পিছত এইটোৱে হৈছে প্ৰথমটো নিৰ্বাচন আৰু এই প্ৰথমটো নিৰ্বাচনতে বিজেপিয়ে পিছ পৰি ৰোৱাটোৱে বিশেষ তাৎপৰ্যপূৰ্ণ বহন কৰা বুলি মত প্ৰকাশ কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।

জন্মু-কাশ্মীৰৰ ২০ খন জিলাৰ জিলা উন্নয়ন পৰিষদৰ ২৮০ টা সমষ্টিত অনুষ্ঠিত হোৱা এই নিৰ্বাচনৰ ভোট গণনা এতিয়াও চলি আছে আৰু এই প্ৰতিবেদ প্ৰস্তুত কৰা পৰ্যন্ত গুপকৰ আঞ্চলিক মিত্ৰ শক্তিয়ে ৮৮ খন, বিজেপিয়ে ৪৪ খন আৰু কংগ্ৰেচে ২০ খন আসনত আগবাঢ়ি আছে।

জন্মু প্ৰভিন্সৰ বিজেপিয়ে ৪৪ খন আৰু গুপকৰে মিত্ৰ শক্তিয়ে ২০ খন আসনত আগবাঢ়ি আছে। ইফালে কাশ্মীৰত গুপকৰে ৬১ আসনত আগবাঢ়ি থকাৰ বিপৰীতে বিজেপিয়ে মাত্ৰ ৩ খন আসনত আগবাঢ়ি আছে।

অৱশ্যে এতিয়া ভোট গণনা পূৰ্ণ গতিত চলি আছে আৰু যিকোনো সময়তে নিৰ্বাচনী ফলাফলৰ চিত্ৰপট সলনি হ’ব পাৰে।

Related News