NORTHEAST NOW (Assamese)

আৰু নহয়! ৫ বছৰ ধৰি কৰ্তব্যত অনুপস্থিত ৬৪ জন চিকিৎসকক বৰ্খাস্ত কৰিলে বিহাৰ চৰকাৰে

January 13, 2023 7:53 pm · এন ই নাও নিউজ, নতুন দিল্লী
প্রতিনিধিত্বমূলক ফটো।

পাঁচ বছৰতকৈ অধিক সময় কৰ্তব্যৰ পৰা অনুপস্থিত আছিল। এই অভিযোগৰ বাবে ৬৪ জন চিকিৎসকক বৰ্খাস্ত কৰিছে বিহাৰ চৰকাৰে। জানিব পৰা মতে, তেওঁলোকে তেওঁলোকৰ দায়িত্ব পালন কৰা নাছিল। একে সময়তে তেওঁলোকে ইয়াৰ কোনো উপযুক্ত কাৰণ দেখুৱাব পৰা নাই। সেইকাৰণে তেওঁলোকক বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লোৱা হয়।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে শুকুৰবাৰে স্বাস্থ্য বিভাগৰ এটা প্ৰস্তাৱৰ ভিত্তিত এখন বৈঠক অনুষ্ঠিত কৰিছিল।তেওঁৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়।

লগতে পঢ়ক: পত্নীক হত্যা কৰি ঘৰতেই পুতি ৰাখিছিল স্বামীয়ে! ১৮ মাহ পিছত পোহৰলৈ আহিল সেই নৃশংস ঘটনা

বাতৰি অনুসৰি, আৰাৰিয়া, ঔৰঙ্গাবাদ, বাংকা, ভাগলপুৰ, ভোজপুৰ আৰু দাৰভাঙ্গা জিলাৰ প্ৰায় ৬৪ জন চিকিৎসকক বৰ্খাস্ত কৰা হৈছে।

আনহাতে, চৰকাৰে এই চূড়ান্ত পদক্ষেপ লোৱাৰ আগতে উক্ত চিকিৎসকসকলক বিশটা সুযোগ দিয়া হৈছিল। কিন্তু তেওঁলোকে তেওঁলোকৰ অনুপস্থিতিৰ কোনো সুনিৰ্দিষ্ট কাৰণ দিব নোৱাৰাত সিদ্ধান্তটো লোৱা হৈছিল।

Related News