NORTHEAST NOW (Assamese)

নকল সোণ সৰবৰাহৰ সন্দেহ: বঙাইগাঁৱত চলন্ত ৰে’লত গ্ৰেপ্তাৰ বিহাৰ আৰক্ষী কনিষ্টবলক

September 10, 2023 10:12 am · এন ই নাও নিউজ, গুৱাহাটী

নকল সোণ সৰবৰাহৰ অভিযোগত বঙাইগাঁৱত গ্ৰেপ্তাৰ হৈছে বিহাৰ আৰক্ষীৰ এগৰাকী কনিষ্টবল। ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছ ৰে’লৰ পৰা কনিষ্টবলজনক গ্ৰেপ্তাৰ কৰে চৰকাৰী ৰে’লৱে আৰক্ষীয়ে।

গোপন সূত্ৰৰ আধাৰত অভিযান চলাই ৰে’লৱে আৰক্ষীয়ে কনিষ্টবলজনক গ্ৰেপ্তাৰ কৰে বুলি সদৰী কৰিছে। ধৃত কনিষ্টবলজনক চন্দন পাছৱান বুলি চিনাক্ত কৰা হৈছে।

ৰে’লৱে আৰক্ষী বিষয়াৰ এটা দলে ৰে’লখনত অভিযান চলাই পাছৱানৰ বেগত নকল সোণখিনি উদ্ধাৰ কৰে। আৰু লগে লগে তেওঁক আটক কৰে।

ইফালে ধৃত পাছৱানে নকল সোণ সৰবৰাহৰ অভিযোগ অস্বীকাৰ কৰিছে। তেওঁৰ বেগত উদ্ধাৰ হোৱা নকল সোণখিনি কেনেকৈ আহিল, সেই বিষয়ে অৱগত নহয় বুলি দাবী কৰিছে পাছৱানে।

অৱশ্যে পাছৱানৰ এই দাবীৰ পিছতো ৰে’লৱে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে আৰু বিষয়টোৰ বিস্তৃত তদন্ত কৰি পাছৱানে নকল সোণ কিদৰে লাভ কৰিছিল, সেয়া নিৰ্ণয় কৰা হ’ব বুলি জানিবলৈ দিয়ে।

লগতে এই চোৰাং ব্যৱসায়ৰ আঁৰত কোন চক্ৰ জড়িত আছে, সেই তথ্য উদ্ধাৰৰো চেষ্টা চলাইছে ৰে’লৱে আৰক্ষীয়ে।

Related News