NORTHEAST NOW (Assamese)

দুৰ্নীতিৰ অভিযোগক লৈ বিলাসীপাৰাত হিংসাত্মক সংঘৰ্ষ

March 15, 2025 8:43 pm · এন ই নাও নিউজ, গুৱাহাটী

বিলাসীপাৰাত সংঘতিত হৈছে এক হিংসাত্মক সংঘৰ্ষ। বিলাসীপাৰা দ্বিতীয় খণ্ড গাঁৱৰ শগুণমাৰীৰ দুটা প্ৰতিদ্বন্দ্বী গোটৰ মাজত তীব্ৰ সংঘৰ্ষত কেইবাজনো লোক আহত হৈছে।

ঘটনাক্ৰম অনুসৰি শগুনমাৰী গ্ৰাম পঞ্চায়তৰ প্ৰাক্তন সভাপতিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত এই সংঘৰ্ষৰ সূচনা হয়।

ইয়াৰ পাছতে লগে লগে, বিলাসীপাৰাৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।

প্ৰত্যক্ষদৰ্শীৰ মতে মানুহে ইজনে সিজনক নিৰ্বিচাৰে আক্ৰমণ কৰাত পৰিস্থিতি গম্ভীৰ হৈ পৰে। সংঘৰ্ষৰ তীব্ৰতাই গাঁওখনক যুদ্ধক্ষেত্ৰলৈ ৰূপান্তৰিত কৰে।

সংঘৰ্ষত আহত দুজনক চিকিৎসাৰ বাবে বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Related News