NORTHEAST NOW (Assamese)

অখিল গগৈক ভোট দি শিৱসাগৰবাসীয়ে ভুল কৰিলে, মন্ত্ৰীৰ বক্তব্যই ধোৱাচাঙত তুলিলে বিজেপিৰ সবকা সাথ সবকা বিকাশ নীতি

February 15, 2022 4:06 pm · পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
Updated: February 15, 2022 4:15 pm

বিৰোধী দলৰ বিধায়ক থকা সমষ্টিত চৰকাৰে উন্নয়নমূলক কাম-কাজৰ প্ৰতি পিঠি দিয়াৰ অভিযোগ নতুন নহয়। এনে অভিযোগক আৰু অধিক সৱল কৰি তুলিলে ৰাজ্যৰ এগৰাকী মন্ত্ৰীৰ বক্তব্যই।

বিজেপিৰ সবকা সাথ সবকা বিকাশ নীতি এতিয়া ধোৱা চাঙত!

শক্তি মন্ত্ৰী বিমল বৰাৰ মন্তব্যই পুনৰ প্ৰমাণ কৰিলে বিজেপিৰ এই শ্ল’গান এতিয়া কেৱল মুখতহে।

সমষ্টিত বিৰোধী বিধায়কৰ কাম নাই বুলি কয় মন্ত্ৰী বিমল বৰাই।

সমষ্টি উন্নয়নৰ বাবে পুঁজি কেন্দ্ৰ চৰকাৰৰ পৰা ৰাজ্য চৰকাৰে সমষ্টিক বা পৌৰ সভাক দিব।

শিৱসাগৰৰ উন্নয়নৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি চৰকাৰক ভোট দিবলৈ আহ্বান মন্ত্ৰী বিমল বৰাৰ।

বিধান সভা নিৰ্বাচনত অখিল গগৈক ভোট দি শিৱসাগৰবাসীয়ে ভুল কৰিলে বুলি কয় মন্ত্ৰী বিমল বৰাই।

মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পৰাই এই কথা প্ৰমাণ কৰিলে যে বিৰোধী বিধায়কৰ সমষ্টিত চৰকাৰে উন্নয়নমূলক কাম কাজ কৰিবলৈ মুঠেও ইচ্ছুক নহয়।

Related News