NORTHEAST NOW (Assamese)

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

August 17, 2025 4:53 pm · এন ই নাও নিউজ, গুৱাহাটী

চৰকাৰে বিশ্বনাথ জিলাৰ জাপৰিগুৰি গাঁৱত চৰকাৰী গাঁও চৰণীয়া সংৰক্ষিত (VGR) ভূমি মুকলি কৰাৰ উদ্দেশ্যে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। দশক দশক পূৰ্বে বানপানী আৰু গৰাখহনীয়াৰ ফলত স্থানচ্যুত হৈ প্ৰায় ১৭৫ বিঘা মাটিত বসতি স্থাপন কৰা ৩০৭টা পৰিয়ালক জিলা প্ৰশাসনে উচ্ছেদৰ জাননী জাৰি কৰাৰ পিছতে একাংশ থলুৱাই প্ৰশাসনৰ নিৰ্দেশ মানি বহু পৰিয়ালে স্বেচ্ছাই নিজৰ ঘৰ ভাঙি সামগ্ৰী স্থানান্তৰ কৰিছে।

ইফালে আন একাংশ ক্ষতিগ্ৰস্ত পৰিয়ালে দাবী কৰিছে যে তেওঁলোকে ৪০–৪৫ বছৰ পূৰ্বে এই মাটি ক্ৰয় কৰিছিল। তেওঁলোকে প্ৰশাসনৰ সৈতে সহযোগিতা কৰিছে যদিও এতিয়া পুনৰ্বাসনৰ বাবে সহায় বিচাৰিছে। ভুক্তভোগীৰ ভাস্য অনুসৰি তেওঁলোক চৰকাৰৰ নিৰ্দেশৰ বিৰোধী নহয়, কিন্তু জীয়াই থাকিবলৈ এটা মৰ্যাদাপূৰ্ণ নিৰ্দিষ্ট ঠাইৰ প্ৰয়োজন। বৰ্তমান বহু পৰিয়াল একেটা অঞ্চলতে অস্থায়ী চালিৰ তলত বাস কৰি চৰকাৰৰ সহায়ৰ অপেক্ষা কৰিছে।

ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে পুনৰ স্থানান্তৰৰ বাবে চৰকাৰী সহায়ৰ আশা প্ৰকাশ কৰি বাসিন্দাসকলে তেওঁলোকৰ দুৰ্দশাৰ সমাধানৰ বাবে কৰ্তৃপক্ষৰ ওচৰত  আহ্বান জনাইছে। কিন্তু চৰকাৰৰ পৰা এতিয়াও কোনো নিৰ্দিষ্ট পুনৰ্বাসন পৰিকল্পনা ঘোষণা কৰা হোৱা নাই।

Related News