NORTHEAST NOW (Assamese)
অসম

যুঁজ এখন হ’ব! লোকসভাৰ অধ্যক্ষ অপসাৰণ বিষয়ত সাংসদৰ উপস্থিতিত হুইপ জাৰি বিজেপি-কংগ্ৰেছৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 7, 2026 8:06 am

অহা ৯ মাৰ্চ সোমবাৰৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্ব। অধিৱেশন আৰম্ভ হোৱাৰ আগতেই লোকসভাত ৰাজনৈতিক উত্তেজনা তুংগত উঠিছে। কাৰণ, লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অপসাৰণ প্ৰস্তাৱৰ বিষয়ে আৰম্ভণিতে আলোচনা হ’ব পাৰে বুলি তীব্ৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

এনে পৰিস্থিতিত বিজেপি আৰু কংগ্ৰেছ দুয়োটা শিবিৰে নিজৰ সাংসদৰ পূৰ্ণ উপস্থিতি নিশ্চিত কৰিবলৈ হুইপ জাৰি কৰিছে। সূত্ৰ অনুসৰি বিজেপিয়ে ৯ আৰু ১০ মাৰ্চত লোকসভাৰ সাংসদসকলৰ বাবে থ্ৰী লাইন হুইপ জাৰি কৰিছে। দলৰ নিৰ্দেশ অনুসৰি সেই দুদিনত সাংসদসকলৰ বাবে সংসদত উপস্থিত থকাটো বাধ্যতামূলক কৰা হৈছে।

একেদৰে কংগ্ৰেছেও ৯ মাৰ্চৰ পৰা ১১ মাৰ্চলৈ সাংসদসকলৰ বাবে হুইপ জাৰি কৰিছে। ফলত বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্বৰ আৰম্ভণিতে লোকসভাত তীব্ৰ ৰাজনৈতিক যুঁজৰ ইংগিত পোৱা গৈছে। খবৰ অনুসৰি তৃণমূল কংগ্ৰেছে এই সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই।

উল্লেখ্য যে যোৱা মাহত বাজেট অধিৱেশনৰ প্ৰথম পৰ্বৰ সময়ত কংগ্ৰেছৰ উদ্যোগত কেইবাটাও বিৰোধী দলে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক অপসাৰণৰ দাবীত এখন জাননী দাখিল কৰিছিল। সংসদৰ নিয়ম অনুসৰি অধ্যক্ষৰ বিৰুদ্ধে অপসাৰণৰ প্ৰস্তাৱ আনিবলৈ নিৰ্দিষ্ট সংখ্যক সাংসদৰ সমৰ্থন প্ৰয়োজন। বিৰোধীয়ে দাখিল কৰা জাননীখনত প্ৰায় ১১৮ জন সাংসদৰ স্বাক্ষৰ কৰা বুলি জানিব পৰা গৈছে।

সংসদৰ কাৰ্য্যবিধি পৰিচালনাৰ ক্ষেত্ৰত অধ্যক্ষই পক্ষপাতিত্বমূলক আচৰণ কৰাৰ লগতে বিৰোধী দলসমূহক পৰ্যাপ্ত সুযোগ প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। এই অভিযোগৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে অপসাৰণৰ প্ৰস্তাৱ অনাৰ উদ্যোগ লোৱা বুলি বিৰোধীয়ে দাবী কৰিছে।

অৱশ্যে মন কৰিবলগীয়া যে অধ্যক্ষৰ বিৰুদ্ধে জাননীখনত কোনো তৃণমূল কংগ্ৰেছৰ সাংসদে স্বাক্ষৰ কৰা নাছিল। ফলত ৰাজনৈতিক মহলৰ এটা অংশই ধাৰণা কৰে যে এই বিষয়ত বিৰোধী শিবিৰৰ মাজত স্পষ্ট দূৰত্ব আছে।

সামগ্ৰিকভাৱে বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্ব আৰম্ভ হোৱাৰ লগে লগে লোকসভাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি ৰাজনৈতিক মহলে আশংকা কৰিছে। এতিয়া অধ্যক্ষক লৈ এই বিবাদ কিমান দূৰলৈ যায় আৰু ইয়াৰ প্ৰভাৱ সংসদৰ কাম-কাজত কিমান পৰে সেয়া লক্ষ্যণীয় হ’ব।