NORTHEAST NOW (Assamese)
অসম

সমগ্ৰ দেশতে বৃদ্ধি পাইছে এল পি জি চিলিণ্ডাৰৰ দাম; গুৱাহাটীত গেছ কিনিবলৈ কিমান খৰচ হ’ব?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 7, 2026 8:42 am

ইৰাণ যুদ্ধৰ মাজতে হঠাৎ বৃদ্ধি পাইছে ৰন্ধন গেছৰ মূল্য। এইবাৰ কেৱল বাণিজ্যিক গেছ চিলিণ্ডাৰেই নহয়, ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্যও বৃদ্ধি পাইছে। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ ৰাইজৰ পকেটত পৰিবলৈ গৈ আছে। শুকুৰবাৰে মাজনিশা বৃদ্ধি পাইছে ঘৰুৱা আৰু বাণিজ্যিক দুয়োটা চিলিণ্ডাৰৰ মূল্য।

আজি (৭ মাৰ্চ ২০২৬) শনিবাৰৰ পৰা ঘৰুৱা ১৪.২ কেজিৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৬০ টকা বৃদ্ধি কৰা হৈছে। একে সময়তে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১১৫ টকা বৃদ্ধি কৰা হৈছে।ইণ্ডিয়ান অইলে জনাইছে যে শনিবাৰৰ পৰা এই নতুন মূল্য কাৰ্যকৰী কৰা হৈছে।

নতুন মূল্যবৃদ্ধিৰ বাবে ৰাজ্যৰ জনসাধাৰণে গেছ ক্ৰয় কৰিবলৈ অধিক খৰচ কৰিব লাগিব। গুৱাহাটীৰ গ্ৰাহকে এতিয়া ৯৬২ টকাত গেছ ক্ৰয় কৰিব। যিটো আগতে ৯০২ টকা আছিল। আনহাতে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১,৮৮৬.৫০ টকাৰ পৰা ২,০০১.৫ টকালৈ বৃদ্ধি পাইছে।

নতুন মূল্যবৃদ্ধিৰ বাবে দিল্লীত ১৪.২ কেজিৰ ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ৮৫৩ টকাৰ পৰা ৯১৩ টকালৈ বৃদ্ধি পাইছে। চেন্নাইত ৮৬৮.৫০ টকাৰ পৰা ৯২৮.৫০ টকালৈ বৃদ্ধি পাইছে।

মধ্যপ্ৰাচ্যত যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে বহু লোকে ইন্ধনৰ বাবে চিন্তা বৃদ্ধি হৈছে। অৱশ্যে ভাৰতত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে বুলি কেন্দ্ৰই আশ্বাস দিছে। ইণ্ডিয়ান অইল কৰ্পৰেশ্যনেও ছ’চিয়েল মিডিয়াত প্ৰচাৰিত বাতৰিক উৰাবাতৰি বুলি প্ৰকাশ কৰিছে। পেট্ৰ’ল-ডিজেলৰ নাটনি হৈছে বুলি কৰা দাবী ভিত্তিহীন বুলিও দাবী কৰিছে আই অ’ চিয়ে।