NORTHEAST NOW (Assamese)
অসম

ক’লা পতাকাক প্ৰত্যাহ্বান জনায় বিজেপিৰ কৰ্মীয়ে বগা পতাকা লৈ নামিল ৰাজপথত

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ January 23, 2019 7:35 pm
white flage

প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ২২ জানুৱাৰিত পাঠশালাৰ ৰাজপথত ক’লা পতাকা প্ৰদৰ্শন কৰাৰ ঠিক এদিন পাছতেই আজি দেখা গ’ল এক ব্যতিক্ৰমী প্ৰতিবাদ। ক’লা পতাকা প্ৰদৰ্শন কৰা সকলক ধিক্কাৰ জনায় বিজেপিৰ যুৱ মৰ্চাৰ কৰ্মীসকলে হাতে হাতে বগা পতাকা লৈ চহৰখনত এক সমদল উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী বিজেপি কৰ্মীসকলে ক’লা পতাকা দেখুওৱা স্থানত উপস্থিত হৈ এক অভিনৱ পন্থাও গ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে উক্ত স্থানত ঘটৰ পানী চটিয়াই শুদ্ধিকৰণ কৰাৰ লগতে ক’লা পতাকা প্ৰদৰ্শনকাৰীসকলৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়া পৰিলক্ষিত হয়।

ইয়াৰ উপৰি হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ বিৰুদ্ধে ক’লা পতাকা প্ৰদৰ্শন কৰা সকলক এক প্ৰকাৰ যুৱ মৰ্চাৰ সদস্যসকলে প্ৰত্যাহ্বান জনায়।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ককলৈ ২১ জানুৱাৰিত ৰঙিয়াত ক’লা পতাকাৰ সন্মুখীন হোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ২২ জানুৱাৰিতো আছু, কৃষক মুক্তি আৰু যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীয়ে পাঠশালাত ক’লা পতাকা প্ৰদৰ্শন কৰিছল।

বিজেপিৰ এক দলীয় কাৰ্যসূচীত অংশ ল’বলৈ গৈ প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে ক’লা পতাকাৰ সন্মুখীন হোৱা কাৰ্যক সহজভাৱে ল’ব নোৱাৰিয়েই আজি বিজেপিৰ কৰ্মীসকলে এইদৰে বগা পতাকা লৈ ৰাজপথলৈ ওলাই আহে।