• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শনকাৰী প্ৰতিবাদকাৰীক থানাত আৰক্ষীৰ নিৰ্যাতন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 22, 2019 10:24 am

2 min read

ST status: Assam GoM to start series of discussion from Monday

হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

1.4k
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপি অধ্যক্ষ ৰঞ্জিত দাসৰ পাছত এইবাৰ ক’লা পতাকাৰ সন্মুখীন হ’ল নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে নানা যুক্তি আগবঢ়োৱা বিজেপিৰ প্ৰভাৱশালী নেতা তথা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

উল্লেখ্য যে, সোমবাৰে ৰঙিয়াৰ কলমণিত থকা ঐতিহাসিক কুৰ্ম-মাধৱ দেৱালয় মন্দিৰৰ এক কাৰ্যসূচীত অংশ লৈ উভটি অহাৰ সময়ত যুৱ-ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেইজন মান সদস্যই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মন্ত্ৰী শৰ্মাক ক’লা পতাকা দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰিছিল।

মন্ত্ৰী শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন কৰাৰ অভিযোগত লগে লগে ৭জন প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায়। ইফালে আটকাধীন ৭জন প্ৰতিবাদকাৰীৰ ভিতৰত ৬জনক আৰক্ষীয়ে থানাৰ ভিতৰত বেয়াকৈ মাৰপিট কৰে যাৰ ফলত প্ৰতিবাদকাৰী কেইজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা যায়। 

আৰক্ষীৰ বৰ্বৰতাৰ বলি হোৱা লোক কেইজন হৈছে কৃষক মুক্তিৰ ধীৰেন দাস, গগন কলিতা, আমীৰ খান, হিৰণ্য পাথৰী, বিনোদ শৰ্মা আৰু যুৱ-ছাত্ৰৰ ভৱেশ ডেকা।

এক সূত্ৰৰ পৰা জানিব পৰা মতে নাগৰিকত্ব বিধেয়কৰ সপক্ষে নানা যুক্তি প্ৰদৰ্শন কৰি অহা মন্ত্ৰী শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন কৰা কাৰ্য সহজভাৱে ল’ব নোৱাৰি ৰঙিয়া মহকুমা আৰক্ষী বিষয়া সুমিত শৰ্মাৰ যোগেদি প্ৰতিবাদকাৰী কেইজনৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

এই লৈ সংগঠন দুটাৰ কৰ্মীসকলে ৰঙিয়া আৰক্ষীক ধিক্কাৰ দিয়াৰ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল হায় হায়, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, ভৱেশ কলিতা মুৰ্দাবাদ, চোৰ-ডকাইত ধৰিব নোৱাৰা ৰঙিয়া আৰক্ষী মুৰ্দাবাদ আদি ধ্বনিৰে সোমবাৰে থানা চৌহদ উত্তাল কৰি তোলে।

ইফালে ক’লা পতাকা প্ৰদৰ্শনৰ অভিযোগত আটক হোৱা প্ৰতিবাদকাৰী কেইজনক বিয়লি এৰি দিয়াৰ পাছতে সংগঠন দুটাৰ কৰ্মীসকলে ৰঙিয়া মহকুমা আৰক্ষী বিষয়া সুমিত শৰ্মাৰ বিৰুদ্ধে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে।

প্ৰতিবাদকাৰীৰ ওপৰত বৰ্বৰতা প্ৰদৰ্শন কৰা ৰঙিয়া আৰক্ষীৰ এনে কাৰ্যক সকলোৱে একেমুখে গৰিহনা দিয়াৰ লগতে আৰক্ষীৰ এনে ভূমিকাক লৈ ৰঙিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd