NORTHEAST NOW (Assamese)

উত্তৰ প্রদেশত ধুমুহাৰ গতিৰে আগবাঢ়িছে বিজেপি, পিছে পিছে সমাজবাদী, লাইভ আপডেট

March 10, 2022 11:58 am · এন ই নাও নিউজ,গুৱাহাটী
Updated: March 10, 2022 12:01 pm

উত্তৰ প্ৰদেশত দিনৰ ১১.৫০ বজাত ভাৰতীয় জনতা পাৰ্টী ২৭৬ খন আসনত আগবাঢ়ি আছে আৰু সমাজবাদী পাৰ্টী ১১৬ খনত আগবাঢ়ি আছে।

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ভোটগণনা পুৱা ৮ বজাত আৰম্ভ হৈছে।

ৰাজ্য খনত ভাৰতীয় জনতা পাৰ্টী (বিজেপি), সমাজবাদী পাৰ্টী (এছপি), কংগ্ৰেছ মাজতে যুঁজ খন চলি আছে।

নির্বাচনৰ লাইভ আপডেটপাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফল লাইভ

ৰাজ্যখনে সৰ্বাধিক ৮০ জন সাংসদ লোকসভালৈ প্ৰেৰণ কৰি আহিছে আৰু দলটোৰ প্ৰদৰ্শনে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ ওপৰতো প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে।

নিৰ্বাচন আয়োগৰ ৱেবছাইটত উপলব্ধ শেহতীয়া তথ্য অনুসৰি বিজেপি ২৭৬ খন আসনত আগবাঢ়ি আছে আৰু এছপি ১১৬খনত আগবাঢ়ি আছে। কংগ্ৰেছ বৰ্তমান চাৰিটা বিধানসভা সমষ্টিত আৰু বিএছপি ছয়টাত আগবাঢ়ি আছে।

এক্সিট প’লে উত্তৰ প্ৰদেশত যোগী আদিত্যনাথৰ বিজেপি চৰকাৰৰ বাবে স্পষ্ট সংখ্যাগৰিষ্ঠতাৰ ভৱিষ্যতবাণী কৰিছে। যদি গেৰুৱা দলটোৱে ৪০৩ জনীয়া বিধানসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰে, তেন্তে একেৰাহে দ্বিতীয় কাৰ্যকালৰ বাবে দলটোৱে শাসনলৈ অহা প্ৰথম দল হিচাবে পৰিগণিত হ’ব।

Related News