NORTHEAST NOW (Assamese)

আনৰ পিঠাৰে বিহু! আছুৰ জনসভাৰ ফটো নিজৰ বুলি প্ৰচাৰ বিজেপিৰ

December 28, 2019 10:21 am · এন ই নাও নিউজ
বিতৰ্কিত ফটোখন।

বিজেপিৰ মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে শুকুৰবাৰে জাগীৰোডত অনুষ্ঠিত হোৱা বিজেপিৰ ‘শান্তি সমদলৰ’ এখন আলোকচিত্ৰ নিজৰ ফেইচবুক একাউণ্টৰ মাধ্যমেৰে শ্বেয়াৰ কৰাক লৈ এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে ছ’চিয়েল মিডিয়াত।

বিধায়ক দেউৰীয়ে জাগীৰোডত বিজেপিৰ শান্তি সমদলত উপস্থিত জনতাৰ আলোকচিত্ৰ বুলি আছুৰ ধেমাজিৰ C(A)A বিৰোধী আন্দোলনৰ এখন আলোকচিত্ৰ ফেইচবুকত আপলোড কৰে।

বিধায়ক দেউৰীয়ে আলোকচিত্ৰখন ফেইচবুকত আপলোড কৰাৰ পাছতে বিজেপিৰ ছ’চিয়েল মিডিয়া গোটৰ সদস্য সকলে আলোকচিত্ৰখনৰ সত্যতা পৰীক্ষা নকৰাকৈ বিধায়ক গৰাকীৰ পোষ্টটো শ্বেয়াৰ কৰিবলৈ ধৰে যদিও অসমৰ সচেতন লোকসকলৰ আগত বিজেপিৰ আই টি চেলৰ আভুৱা ধৰা পৰে।

আছু কৰ্মীসকলে পৰৱৰ্তী সময়ত ৰমাকান্ত দেউৰীৰ ফেইচবুক পোষ্টৰ স্ক্ৰীণ শ্বট শ্বেয়াৰ কৰি বিজেপিৰ আই টি চেলৰ জ্ঞান হীনতাৰ সমালোচনা কৰে।

‘‘ধেমাজি আছুৰ CAA বিৰোধী প্ৰতিবাদী কাৰ্যসূচীৰ ফটোখন বিজেপিৰ জাগীৰোডৰ শান্তি সমদলৰ ফটো বুলি নিজৰ একাউন্টত আপলোড কৰি বিজেপিৰ ছ’চিয়েল মিডিয়া এক্টিভিজিমত নতুন দিগন্তৰ সূচনা কৰিলে আমাৰ সন্মানীয় বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়াই ।
ডিলিট কৰাৰ আগতেই স্ক্ৰীণশ্বট ল‌ওক আৰু এই বিৰল মুহূৰ্তৰ সাক্ষী হৈ ৰ‌ওক,’’ আছুৰ এগৰাকী কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহকে নিজৰ ফেইচবুকত এনেদৰে বিজেপিক সমালোচনা কৰে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ডিজেটেল মিডিয়াত মিছা ফটো অপপ্ৰচাৰ কৰাৰ বহু উদাহৰণ আছে। কিছু বছৰ আগতে পাকিস্তানৰ ডি জি আ এছ পি আৰে কাশ্মীৰত ৰবৰ বুলেটত আঘাতপ্ৰাপ্ত এগৰাকী কিশোৰীৰ ফটো বুলি ছিৰিয়াৰ কিশোৰীৰ ফটো ৰাষ্ট্ৰসংঘৰ আগত দাঙি ধৰিছিল।

পৰৱৰ্তী সময়ত পাকিস্তানৰ সেই মিছা চৰিত্ৰ বিজেপিৰ আই টি চেলে অসমৰ ৰাইজৰ আগত ধৰা পৰাৰ ধৰণে ৰাষ্ট্ৰসংঘত ধৰা পৰিছিল আৰু দেশখন যথেষ্ট সমালোচনাৰ সন্মুখিন হৈছিল।

Related News