NORTHEAST NOW (Assamese)

হৃদৰোগত আক্ৰান্ত হৈ বিজেপি নেত্ৰী, বিগ বছ-১৪ৰ প্ৰতিযোগী সোণালী ফোগাটৰ মৃত্যু

August 23, 2022 12:33 pm · এন ই নাও নিউজ, গুৱাহাটী

Sonali Phogat dies of heart attack বিজেপি নেত্ৰী তথা টিকটক তাৰকা সোণালী ফোগাটৰ মৃত্যু ঘটিছে। প্ৰাথমিক তথ্য অনুসৰি সোমবাৰে নিশা হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। সোণালী ফোগাটে ২০১৯ ৰ বিধান সভা নিৰ্বাচনত হাৰিয়ানাৰ আদমপুৰ সমষ্টিৰ পৰা বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল।

ৰাজনীতিৰ লগতে সোণালী গ্লেমাৰ জগততো পৰিচিত আছিল। সোণালী ফোগাটে বিগ বছ-১৪ ত অংশগ্ৰহণ কৰিছিল। তেওঁ এই অনুষ্ঠানটোত বহুত জনপ্ৰিয় হৈ পৰিছিল। তেওঁক অনুষ্ঠানটোত তেওঁৰ জীয়েকৰ বিষয়ে কেইবাবাৰো কথা পাতি থকা দেখা গৈছিল। তেওঁ নিজৰ কন্যাক অকলে ডাঙৰ-দীঘল কৰিছিল বুলিও কোৱা শুনা গৈছিল।তদুপৰি, সোণালী এগৰাকী অতি জনপ্ৰিয় টিক টিক তাৰকা হিচাপেও পৰিচিত আছিল।

বাতৰি অনুসৰি, সোমবাৰে নিশা গোৱাত সোণালী হঠাতে হৃদৰোগত আক্ৰান্ত হয়। তেওঁক ততাতৈয়াকৈ এখন স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তাত  চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰে।

হাৰিয়ানা বিজেপিয়ে ২০১৯ৰ ৰাজ্যিক নিৰ্বাচনত আদমপুৰ সমষ্টিৰ পৰা সোণালীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। সেই সময়ত তেওঁ কংগ্ৰেছ প্ৰাৰ্থী কুলদীপ বিষ্ণোইৰ হাতত পৰাজিত হৈছিল। সেই বছৰৰ এটা সাক্ষাৎকাৰত তেওঁ কৈছিল, “মই কৃষকৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছো। যোৱা ১২ বছৰ ধৰি বিজেপি কৰি আছো।”

সোণালী ফোগাটে বিগ বছৰ ১৪ নম্বৰ চিজনত অংশগ্ৰহণ কৰিছিল। অনুষ্ঠানটোৱে তেওঁক যথেষ্ট জনপ্ৰিয়তা আনি দিছিল। অনুষ্ঠানটোত তেওঁৰ সহ-প্ৰতিযোগী আলি গনিৰ সৈতে তেওঁৰ কেমিষ্ট্ৰিয়ে সেই মুহূৰ্তত শিৰোনাম দখল কৰিছিল। অনুষ্ঠানটোৰ বিজয়ী ৰুবিনা দিলাইক আৰু নিকি তাম্বোলিৰ সৈতে তেওঁৰ ‘টেঙা-মিঠা’ সম্পৰ্কই দৰ্শকৰ হৃদয় জয় কৰিছিল।

কেৱল বিগ বছেই নহয়, তেওঁ ছ’চিয়েল মিডিয়াতো যথেষ্ট জনপ্ৰিয় আছিল। তেওঁৰ সামাজিক মাধ্যমত অনুসৰণকাৰীৰ সংখ্যাও যথেষ্ট আছিল।

উল্লেখ্য যে যোৱা বছৰ আন এগৰাকী জনপ্ৰিয় তাৰকা সিদ্ধাৰ্থ শুক্লাৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। সম্প্ৰতি ৰাজু শ্ৰীবাস্তৱকো হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। স্বাভাৱিকতে এই ঘটনাবোৰে হৃদৰোগৰ সমস্যাকলৈ আশংকা বৃদ্ধি কৰিছে।

Related News