NORTHEAST NOW (Assamese)

বিজেপি নেতাক নিৰ্মমভাবে হত্যা : দলৰ কাৰ্যালয়তে উদ্ধাৰ মৃতদেহ

November 9, 2024 12:35 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

নিৰ্মমভাবে হত্যা কৰা হ’ল এজন বিজেপি নেতাক। পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগনা জিলাৰ মথুৰাপুৰ লোকসভা বিজেপিৰ ছ’চিয়েল মিডিয়া আহ্বায়ক পৃথ্বীৰাজ নাস্কৰক হত্যা কৰাৰ খবৰ পোহৰলৈ আহিছে।

শুকুৰবাৰে গভীৰ নিশা উষ্টি থানাৰ সমীপৰ বিজেপিৰ দলীয় কাৰ্যালয়ৰ ভিতৰপৃথ্বীৰাজ নাস্কৰৰ (৩৩) আহত মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।

যোৱা ৫ দিন ধৰি সন্ধানহীন হৈ আছিল বিজেপিৰ নেতাগৰাকী। বহুদিন ধৰি সন্ধান নোপোৱাৰ পিছত ৭ তাৰিখে নিশা ষ্টি থানাত এখন নিৰুদ্দেশ ডায়েৰী তৈয়াৰ কৰে আৰক্ষীয়ে।

সেই নিশাই দলৰ বন্ধ কাৰ্যালয়ৰ খিৰিকীত কিবা এটা ওলমি থকা দেখি পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে। তাৰ পাছতে পুলিচ আহি পুৱা ১ বজাত দলৰ কাৰ্যালয়ৰ ভিতৰৰ পৰা বিজেপি নেতাগৰাকীকাপোৰেৰে মেৰিয়াই থোৱা ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰে।

ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডাইমণ্ড হাৰ্বাৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হৈছে।

Related News