NORTHEAST NOW (Assamese)

যোগী আদিত্যনাথৰ ৰাজ্যত প্ৰাতঃ ভ্ৰমণলৈ গৈ প্ৰাণ গ’ল নিজ দলৰে এগৰাকী নেতাৰ

August 11, 2020 9:10 pm · এন ই নাও নিউজ
Updated: August 11, 2020 9:14 pm
প্ৰতিকী ছবি

ক্ৰমাৎ হত্যা হিংসাৰ অভিকেন্দ্ৰ হৈ পৰিছে যোগী আদিত্যনাথৰ শাসিত ৰাজ্য উত্তৰ প্ৰদেশ।

কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় লোক দলৰ এগৰাকী নেতাক উত্তৰ প্ৰদেশৰ পশ্চিমাঞ্চলত গুলীয়াই হত্যাৰ কৰাৰ পিছত আজি পুনৰ হত্যাৰ বলি হৈছে ৰাজ্যখনৰ এজন বিজেপি নেতা।

উল্লেখ্য যে, যোৱা কেইটামান মাহত উত্তৰ প্ৰদেশত গুলীচালনাত প্ৰাণ হেৰুৱাইছে কেবাজনো লোকে।

আজি মংলবাৰে পুৱা উত্তৰ প্ৰদেশৰ বাগপত জিলাত বিজেপিৰ এজন নেতাৰ গুলীবিদ্ধ দেহ উদ্ধাৰ কৰা হৈছে।

সঞ্জয় খোকৰ নামৰ নেতাজন বাগপত জিলা বিজেপিৰ সভাপতি আছিল বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে বিজেপিৰ নেতাগৰাকী পুৱা পাতঃভ্ৰমণ কৰি থকাৰ সময়তে কোনো দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে।

নেতাজনৰ গুলীবিদ্ধ ৰক্তাক্ত শৰীৰটো স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

কেবাটাও গুলীয়ে নেতাজনৰ শৰীৰটো বিদ্ধ কৰা বুলি জানিব পৰা গৈছে।

ইফালে কিছু লোকে গুলীবিদ্ধ শৰীৰটো পৰি থকা অৱস্থাতে ভিডিঅ’ কৰি চ’ছিয়েল মিডিয়াটো ভাইৰেল কৰে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰি দাবী কৰিছে যে হত্যাকাণ্ডটোত তিনিজনক লোক জড়িত আছে।

“প্ৰাথমিক তদন্তত ব্যক্তিগত শত্ৰুতাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হৈছে বুলি ধাৰণা কৰা হৈছে। আমি সকলোবোৰ চালি জাৰি চাইছো। শীঘ্ৰেই হত্যাকাৰীক ধৰা হ’ব। সম্ভৱতঃ হত্যাকাণ্ডটোৰ কোনো প্ৰত্যক্ষদৰ্শী নাই।” বাগপত জিলাৰ আৰক্ষী প্ৰধান অজয়  কুমাৰে কয়।

ইফালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ২৪ ঘণ্টাৰ ভিতৰত হত্যাকাৰীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি দিয়া হ’ব বুলি ঘোষণা কৰিছে।

Related News