NORTHEAST NOW (Assamese)
অসম

মোহভংগ! বিপিএফ এৰি বিজেপিলৈ যোৱা নেতা-কৰ্মীৰ পুনৰ বিপিএফলৈ প্ৰত্যাৱৰ্তন

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক March 26, 2021 2:25 pm
BPF Maheswar Basumatary

নিৰ্বাচনী পৰিস্থিতিত সঘনাই পাট পৰিৱৰ্তন হৈছে তামুলপুৰৰ ৰাজনৈতিক প্ৰেক্ষাপট। সমাগত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ ৰাজনৈতিক পৰিবেশ আকৰ্ষণীয় হৈ উঠিছে।

ইয়াৰ মাজতেই বৃহস্পতিবাৰে নিশা তামুলপুৰত কেইবাজনো বিজেপি নেতাই আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে।

বিপিএফ ত্যাগ কৰি বিটিচি নিৰ্বাচনৰ পূৰ্বে এই সকল নেতা-কৰ্মীয়ে বিজেপি দললৈ গৈছিল যদিও বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে পুনৰ বিপিএফ দললৈ প্ৰত্যাৱৰ্তন কৰা কথাটোৱে নিৰ্বাচনী পৰিস্থিতিত বিশেষ তাৎপৰ্য বহন কৰিছে।

তামুলপুৰ জিলা বিপিএফৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত  বৃহস্পতিবাৰে নিশা  বিজেপি নেতা সুভাষ বসুমতাৰী, অভিজিত দাস দেউৰী, অনিৰুদ্ধ কলিতা আদিকে ধৰি কেইবাজনো বিজেপি নেতা আৰু অন্য দলৰ পৰা অহা নেতা-কৰ্মী সহ মুঠ ১৬গৰাকীয়ে বিপিএফ দলত যোগদান কৰে।

আটাইকেইজনকে বিপিএফ দললৈ উষ্ম আদৰণি জনাই তেওঁলোকক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

বিপিএফ নেতা খামফা ব্ৰহ্মৰ সঞ্চালনাত অনুষ্ঠিত যোগদান অনুষ্ঠানটোৰ আঁত ধৰে বিপিএফ নেতা কানু কলিতাই।

অনুষ্ঠানত তামুলপুৰ বিধানসভা সমষ্টিৰ বিপিএফ দলৰ মনোনীত আৰু কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ৰংজা খুঙগুৰ বসুমতাৰী, বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী,শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ প্ৰাক্তন অধ্যক্ষ দীপক ডেকা ,যুৱ বিপিএফ নেতা বলেন বড়ো, মদাইগিৰি বড়োকে আদিকে ধৰি কেইবাজনো নেতা-কৰ্মী এই যোগদান সভাত উপস্থিত থাকে।