NORTHEAST NOW (Assamese)

গুজৰাটৰ বিধানসভা নিৰ্বাচনঃ জনজাতীয় লোকক গুৰুত্ব দি ‘সংকল্প পত্ৰ’ প্ৰকাশ কৰিলে বিজেপিয়ে

November 26, 2022 6:02 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: November 26, 2022 6:05 pm

গুজৰাটত নিৰ্বাচন সমাগত৷ ইতিমধ্যে ৰাজ্য খনত নিৰ্বাচনী বতাহ জোৰেৰে ব’বলৈ আৰম্ভ কৰিছে৷ এনে সময়তে আজি বিজেপিয়ে ৰাজ্য খনৰ জনজাতীয় লোকসকলক অধিক গুৰুত্ব দি প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ ‘সংকল্প পত্ৰ’৷ ‘সংকল্প পত্ৰ’ত বিজেপিয়ে দেশদ্ৰোহীসকলৰ মোকাবিলা কৰিবলৈ নতুন কোষ গঠনৰ প্ৰতিশ্ৰুতি দিছে।সেই কোষৰ নাম হ’ব ‘উগ্ৰবাদ বিৰোধী কোষ’ ।

সংকল্প পত্ৰত বিজেপিয়ে ৫৬ টা জনজাতীয় অধ্যুষিত এলেকাত ৰেচনৰ “মোবাইল ডেলিভাৰী”ৰ কথা উল্লেখ কৰিছে। ২০ লাখ চাকৰি সৃষ্টি কৰাৰো প্ৰতিশ্ৰুতি দিছে দলটোৱে৷লগতে অহা পাঁচ বছৰত গুজৰাটৰ যুৱপ্ৰজন্মৰ বাবে ২০ লাখ চাকৰি সৃষ্টি কৰা,বৃদ্ধা, মহিলাসকলৰ বাবে বিনামূলীয়া বাছ যাত্ৰা,অহা পাঁচ বছৰত এক লাখৰো অধিক মহিলাক চৰকাৰী চাকৰি দিয়া ,শ্ৰমিকসকলক ২ লাখ টকালৈকে ঋণৰ বাবে কোনো গেৰাণ্টৰৰ প্ৰয়োজন নহ’ব,ইয়াৰ বাবে চৰকাৰে শ্ৰমিক ক্ৰেডিট কাৰ্ড জাৰি কৰিব,অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থীসকলক বৈদ্যুতিক স্কুটাৰ প্ৰদান কৰা হ’ব,অনুসূচীত জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে আঠখন চিকিৎসা মহাবিদ্যালয় আৰু ১০ খন নাৰ্চিং আৰু পেৰামেডিকেল মহাবিদ্যালয় স্থাপন কৰা হ’ব,গোশালাৰ উন্নয়নৰ বাবে ৫০০ কোটি টকাৰ অতিৰিক্ত বাজেট আৱণ্টন কৰা হ’ব। ১,০০০ খন অতিৰিক্ত পশু চিকিৎসালয় স্থাপন কৰা হ’ব বুলিও বিজেপিয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছে৷

Related News