NORTHEAST NOW (Assamese)
অসম

ইটালী ভ্ৰমণ কৰি অহা ৰাহুল গান্ধীয়ে কৰোনা বিয়পাব পাৰে; বিজেপি নেতাৰ মন্তব্যত তোলপাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 5, 2020 5:08 pm
rahul-gandhi-parliament-e1470131799441

শেহতীয়াকৈ ইটালীৰ পৰা ঘুৰি আহিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ইটালীত ইতিমধ্যে কৰোনাভাইৰাছত মৃত্যুৰ সংখ্যা এশ অতিক্ৰম কৰিছে।

তদুপৰি, আঢ়ৈ হাজাৰতকৈয়ো অধিক লোক এই ভাইৰাছত আক্ৰান্ত হৈছে।

বিমানবন্দৰত ৰাহুল গান্ধীৰ স্ক্ৰীনিং কৰা হৈছিল নে নাই তাক লৈ প্ৰশ্ন তুলিছে বিজেপি নেতা হনুমান বেনিৱালে।

বৃহস্পতিবাৰে লোকসভাত বিজেপি সাংসদৰ এনে প্ৰশ্নক লৈ উত্তপ্ত হৈ পৰে সদন।

বেনিৱালে কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ কৰোনাভাইৰাছ পৰীক্ষাৰ কথা কৈছিল।

বিজেপি সাংসদগৰাকীৰ ক্ষমা বিচৰাৰ দাবীত কংগ্ৰেছ সাংসদসকলে উত্তাল কৰি তোলে সংসদ।

ইয়াৰ পূৰ্বে আন এগৰাকী বিজেপি সাংসদ ৰমেশ বিদূৰীয়ে কৈছিল, ‘ইটালীৰ পৰা অহা বহুতৰে শৰীৰত কৰোনাভাইৰাছ পোৱা গৈছে। ৰাহুল গান্ধীও মাত্ৰ ছয় দিন পূৰ্বে ইটালীৰ পৰা ঘুৰি আহিছে। তেওঁৰো পৰীক্ষা কৰা উচিত। তেওঁৰ ওচৰলৈ যিবোৰ কংগ্ৰেছ সাংসদ গৈছে তেওঁলোকৰতো কৰোনা হ’ব পাৰে।‘

ইয়াৰ আগেয়ে কৰোনাভাইৰাছকলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্দ্ধনক কটাক্ষ কৰে ৰাহুল গান্ধীয়ে।

হৰ্ষ বৰ্দ্ধনে যিদৰে সকলোকে নিশ্চিন্ত থকাৰ কথা কৈছে সেয়া ডুবন্ত টাইটানিকৰ কেপ্টেইনৰ সৈতে তুলনা কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে। তেওঁ কৰোনাভাইৰাছ প্ৰতিৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা ৰাজহুৱা কৰাৰো দাবী তোলে।