NORTHEAST NOW (Assamese)
অসম

পঞ্জাৱৰ ঘটনাৰ প্ৰভাৱ বঙাইগাঁৱত,কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত যুৱ মৰ্চাৰ ধৰ্ণা

Posted by: প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও Updated by: প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও January 7, 2022 4:44 pm
পঞ্জাৱৰ ঘটনাৰ প্ৰভাৱ বঙাইগাঁৱত,কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত যুৱ মৰ্চাৰ ধৰ্ণা

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছ শাসিত ৰাজ্য পঞ্জাৱৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে বাধাৰ সন্মুখীন হৈ উভতি আহিবলগীয়া হোৱা অপমানজনক ঘটনাৰ প্ৰতিবাদ জনাই বঙাইগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত ভাৰতীয় জনতা যুৱ মৰ্চাৰ বঙাইগাঁও জিলা সমিতিয়ে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

যুৱ মৰ্চাৰ সদস্য সকলে কংগ্ৰেছ মুৰ্দাবাদ , বিজেপি জিন্দাবাদ আদি ধ্বনি দিয়াৰ লগতে কংগ্ৰেছ আৰু পাকিস্তানৰ মাজত পাৰ্থক্য নাই বুলিও মন্তব্য কৰে ৷

কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত ভাৰতীয় জনতা যুৱ মৰ্চাৰ এই ধৰ্ণা কাৰ্যসূচীকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷