NORTHEAST NOW (Assamese)
অসম

বিজেপিক কটাক্ষ ৰিপুন বৰাৰ : ‘বিজেপিয়ে নিৰ্বাচনৰ সময়তহে চাহ শ্ৰমিকলৈ মনত পেলায়’

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া August 26, 2019 10:27 pm
Ripun Bora press meet

বিগত ৮-১০ বছৰ ধৰি পূজাৰ সময়ত ২০ শতাংশ বানচ লাভ কৰি অহা ৰাজ্যৰ চাহ শ্ৰমিকক এইবাৰ বাগিচা কৰ্তৃপক্ষই লোকচানৰ দোহাই দি মাত্ৰ ৮.৩৩ শতাংশ বানচ দিবলৈ ওলোৱাক লৈ সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা।

সোমবাৰে গুৱাহাটীস্থ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি বৰাই কয় যে বিজেপি চৰকাৰক নিৰ্বাচনৰ সময়তহে চাহ শ্ৰমিক সকলক দৰকাৰ হয়, কিন্তু নিৰ্বাচন শেষ হোৱাৰ পিছত তেওঁলোকৰ সমস্যাৰ প্ৰতি গুৰুত্ব নিদিয়ে।

‘তেওঁলোকে বাগিচা কৰ্তৃপক্ষক নিৰ্দেশ দিয়াৰ সলনি জিলাই জিলাই আৰক্ষী প্ৰশাসনক চাহ শ্ৰমিকৰ সম্ভাব্য আন্দোলন প্ৰতিহত কৰাৰ বাবে সষ্টম থাকিবলৈ নিৰ্দেশ দিছে। ইয়াৰ পৰাই বুজা যায় বিজেপি চৰকাৰখনৰ চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ বাবে আনুগত্য কিমান’। এইদৰে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে।

ইয়াৰ উপৰি বৰাই কয়, ‘তোমালোকে ২০ শতাংশ দিব নোৱাৰা যদি তেওঁলোকৰ (চাহ-শ্ৰমিক) সৈতে আলোচনাৰ মাধ্যমৰে সমস্যাটো সমাধান কৰা’।

আনহাতে, ‘চাহ শ্ৰমিকক ২০১৬ চনতে ৩৫১ টকাৰ হাজিৰা দিম বুলি বিজেপি চৰকাৰ শাসনলৈ আহিছিল। পৰৱৰ্তী সময়ত ৱেইজ ব’ৰ্ড আৰু অসম কেবিনেটত চাহ শ্ৰমিকৰ মজুৰি বিল পাছ হৈ যোৱাৰ পাছতো মালিক পক্ষৰ আবেদনৰ ভিত্তিত চাহ শ্ৰমিকক বৰ্তমান পৰ্যন্ত ৩৫১ টকা হাজিৰা দিয়া নাই’ বুলি বৰাই মন্তব্য কৰে।

তেওঁ লগতে বিজেপিৰ ঘোষণা সমূহ মিছা বুলি অভিযোগ কৰি কয়, ‘বিজেপি চৰকাৰে নিৰ্বাচনৰ আগত বাগিচা সমূহত ১০০ খন হাইষ্কুল দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু আজি চাৰে তিনি বছৰত এখনো স্কুল হৈ নুঠিল’।

সংবাদমেলতে বৰাই অভিযোগ কৰি ক’য়, ‘বিজেপি চৰকাৰে যদি চাহ শ্ৰমিক সকলক এখন হাতেৰে ১ টকা দিছে তেন্তে আনখন হাতেৰে ১০০ টকা লৈ গৈছে’।

‘১৫০০ টকীয়া মবাইল দি শ্ৰমিকৰ মাজত বিজেপিৰ নেটৱৰ্কিং বঢ়াইছে কিন্তু ৩৫১ টকাৰ হাজিৰা, ২০ শতাংশ বানচ আৰু ১০০  খন হাইষ্কুল এইবোৰ পাহৰি যোৱা বুলি বৰাই গুৰুতৰ অভিযোগ কৰে।

‘বিজেপিয়ে চাহ শ্ৰমিকক চেনী, চাউল, ৫০০০ হাজাৰ টকাও দিছে। সেয়া বৰ ভাল কথা কিন্তু এইবিলাক দিয়াৰ বিনিময়ত বাগানৰ শ্ৰমিক সকলক বিজেপিয়ে মূল সমস্যাৰ পৰা আঁতৰাই ৰাখিছে’ বুলি বৰাই মন্তব্য কৰে।

আজিৰ সংবাদমেলতে বৰাই চৰকাৰ কৰ্তৃপক্ষক অতি শীঘ্ৰে চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ বাবে ব্যৱস্থা ল’বৰ বাবে দাবী জনায়।