NORTHEAST NOW (Assamese)
অসম

মোদীৰ দৰে অসমতো সোণোৱালে বৰ সুন্দৰ কাম কৰি আছে : ৰাষ্ট্ৰীয় মহিলা মৰ্চাৰ সভানেত্ৰীৰ দাবী

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 17, 2020 6:11 pm
Vijaya

‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰে অসমতো সৰ্বানন্দ সোণোবালে বহুত সুন্দৰ কাম কৰি আছে। আকৌ এবাৰ এই দুজন নেতাক লগত লৈ নিৰ্বাচনী ৰণত অৱতীৰ্ণ হ’ম।‘ নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনটোতে অসমত উপস্থিত হৈ এই দাবী কৰিছে বিজেপিৰ মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী বিজয়া ৰহটকাৰে।

আজি হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে নেত্রীগৰাকী।

তেওঁ কয় ‘ভাৰতৰ প্ৰধান মন্ত্ৰীৰ জন্মদিনটো বিজেপিয়ে সেৱা সপ্তাহ হিচাপে পালন কৰি আহিছে। প্ৰধান মন্ত্ৰীয়ে সেৱাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। যিসকলক সহায়ৰ প্ৰয়োজন সেইসকলক সহায় কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশজুৰি বিভিন্ন অনুষ্ঠান চলি আছে।‘

ইপিনে, সভানেত্ৰীগৰাকীয়ে দাবী কৰা অনুসৰি নৰেন্দ্ৰ মোদীয়ে যিখিনি সন্মান লাভ কৰিছে সেইখিনি দেশৰ মহিলা, কন্যা, চাফাই কৰ্মীৰ লগতে নমামি গঙ্গালৈ অৰ্পণ কৰিছে।

ইয়াৰোপৰি, কোভিড-১৯ৰ সময়ত প্লাজমা দানৰ কামো ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্য্যকৰ্তাই সম্পন্ন কৰিছে বুলি দাবী কৰি তেওঁ লগতে কয় ‘ইয়াৰোপৰি, ৰক্তদান আৰু মহিলাৰ বাবে চেনিটাৰী নেপকিন দিয়া ইত্যাদি কাম সম্পন্ন কৰিছে।‘

‘অসমতো এনেধৰণৰ সেৱা কাৰ্য্যসমূহ সঠিকভাৱে চলি আছে।‘ তেওঁ সংবাদমেলত কয়।

ইপিনে, প্ৰধান মন্ত্ৰীয়ে সেৱা মনোভাৱৰে কোভিডৰ সময়ত অনেক আঁচনি জনসাধাৰণলৈ আগবঢ়াই দিছে বুলি দাবী কৰি তেওঁ লগতে কয় ‘সকলোৰে বাবে ওৱান নেশ্যন, ওৱান ৰেচন আঁচনি আৰম্ভ কৰিলে।‘

আনহাতে, মহিলাৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বহু কাম কৰিছে বুলি তেওঁ দাবী কৰে।

‘৮ কোটিৰো অধিক মহিলাই উজলা যোজনাৰ জৰিয়তে বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ লাভ কৰিছে। ২২ কোটিৰো অধিক মহিলাৰ জন ধন বেংক একাউন্ট মুকলি কৰা হৈছে। তেওঁলোকৰ একাউন্টত ৫০০ টকাকৈ দিয়া হৈছে।‘

ইয়াৰোপৰি, আত্ম নিৰ্ভৰ ভাৰত অভিযানৰ বাবে বিভিন্ন ক্ষেত্ৰলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ লাখ কোটি টকাৰ ধন মোকলাই দিছে বুলি তেওঁ কয়।

ইপিনে, অসমতো অৰুণোদয় যোজনাৰ জৰিয়তে অনেক মহিলাক নতুন জীৱন দিছে বুলি তেওঁ দাবী কৰে।

‘মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰতো এইখন চৰকাৰে বহু কাম কৰিছে। অসমত মহিলাৰ সুৰক্ষাৰ বাবে ফ্ৰাষ্ট ট্ৰেক আদালত আৰম্ভ হ’ল। ফ্ৰাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দোষীয়ে উপযুক্ত শাস্তি লাভ কৰিছে।‘ সংবাদমেলত বিজয়াই দাবী কৰি কয়।

উক্ত সংবাদমেলৰ পাছতেই তেওঁ ৰাজ্যিক মহিলা মৰ্চাৰ অফিচ বিয়েৰাৰৰ সৈতে এক বৈঠকত মিলিত হয়।

উক্ত সংবাদমেলতে তেওঁৰ সংগ দিয়ে ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী অপৰাজিতা ভূঞাই।