NORTHEAST NOW (Assamese)
অসম

ছয় জনগোষ্ঠীক এলাগী : বিজেপিৰ ইস্তাহাৰত গোৰ্খাক জনজাতিকৰণৰ টোপ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 8, 2019 10:32 pm
e8d17d42-648e-44b5-b6a3-6b98c42f6fbe

২০১৪ চনৰ লোকসভা নিৰ্বাচনত অসমত বিজেপি এটা প্ৰধান প্ৰতিশ্ৰুতি হিচাপে আগ বঢ়োৱা ৬ মাহৰ ভিতৰত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বিজেপি চৰকাৰৰ ৫ বছৰীয়া কাৰ্য্যাকলতো সম্ভৱ নহ’ল। কিন্তু অপূৰ্ণ হৈ ৰোৱা সত্ত্বেও এইবাৰ বিজেপিয়ে সেই প্ৰতিশ্ৰুতি দলটোৰ নিৰ্বাচনী ইস্তাহাৰত অন্তৰ্ভুক্ত নকৰিলে।

বিগত সুদীৰ্ঘ সময় ধৰি জনজাতিকৰণ দাবী কৰি অহা অসমৰ খিলঞ্জীয়া ৬টা জনগোষ্ঠীক সম্পূৰ্ণৰূপে এলাগী কৰিছে যদিও এইবাৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি আগ বঢ়াইছে গোৰ্খাসকললৈ। আজি দলটোৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত এই প্ৰতিশ্ৰুতি অন্তৰ্ভুক্ত হৈছে।

ইস্তাহাৰত অন্তৰ্ভুক্ত হোৱা অনুসৰি দলটো শাসনলৈ আহিলে জনগোষ্ঠীটোৰ ১১টা উপ-জাতিক জনজাতিকৰণৰ মৰ্য্যাদা দিয়া হ’ব। আনকি শাসনলৈ আহিলে ছিকিমৰ বিধানসভাত গোৰ্খাসকলৰ শাখা লিম্ব’ আৰু তামাংসকলৰ বাবে আসন সংৰক্ষণৰো প্ৰতিশ্ৰুতি দিছে। লগতে দাৰ্জিলিং, শিলিগুৰি আৰু দোৱাৰৰ গোৰ্খাসকলৰ সমস্যাৰ স্থায়ী ৰাজনৈতিক সমাধান কৰা হ’ব।

মন কৰিব পাৰি যে অসমতো ৪-৫ লাখ নেপালী ভোটাৰ আছে। বিশেষকৈ নেপালী সম্প্ৰদায়ৰ আৰ পি শৰ্মাক তেজপুৰ সমষ্টিত টিকট বঞ্চিত কৰা বাবে অসমৰ নেপালীসকল ক্ৰুব্ধ হৈ আছে।

কিন্তু ১৪খন আসন থকা অসমত নেপালীসকলৰ সংখ্যাতকৈ জনজাতিকৰণ দাবী কৰি থকা ৬ জনগোষ্ঠীৰ জনসংখ্যা কেইবাগুণ বেছি।  কোচ ৰাজবংশী, চাহ শ্ৰমিক, মৰাণ, মটক, আহোম, চুতীয়াসকলৰ এক বৃহৎ ভোটবেংক আছে ৰাজ্যখনত। জনগোষ্ঠীকেইটাৰ নেতাসকলে জনোৱা অনুসৰি ৬টা জনগোষ্ঠীৰ মুঠ প্ৰায় ডেৰকোটি ভোটাৰ আছে।

বিজেপিৰ বঞ্চনাৰ প্ৰতিদান এই জনগোষ্ঠীকেইটাই কেনেদৰে দিয়ে সেয়া মন কৰিব লগীয়া হ’ব। আনহাতে পূৰ্বে শাসনলৈ আহিলে ৬ মাহত জনজাতিকৰণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিও ৫ বছৰতো সেয়া নকৰা বিজেপিক গোৰ্খাসকলে বিশ্বাসত লয় নে নলয় সেয়া সময়ে ক’ব।

২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত গোৰ্খাৰ জনসংখ্যা ২৯,২৬,১৬৮জন। ইয়াৰে অসমত আছে ৫,৯৬,২১০জন। পশ্চিমবংগত গোৰ্খাৰ জনসংখ্যা ১১,৫৫,৩৭৫ জন।