NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ ডিফলু চাহ বাগানত মহকুমা প্ৰশাসনৰ উদ্যোগত ৰক্তদান শিৱিৰ সম্পন্ন

Posted by: উত্তম শইকীয়া March 29, 2019 6:22 pm
IMG-20190329-WA0014

গোলাঘাট জিলাৰ বোকাখাত মহকুমা প্ৰশাসন আৰু গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ সহযোগত আজি বোকাখাতৰ ডিফলু চাহ বাগানৰ চিকিৎসালয়ত এক ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত হয়।

ৰক্তদান কাৰ্য্যসূচীত বোকাখাতৰ মহকুমা দণ্ডাধীশ তথা সহকাৰী আয়ুক্ত বর্ণময় ভৰদ্বাজকে  ধৰি মহকুমাধিপতি কাৰ্যালয়ৰ কেইবাগৰাকীও কর্মচাৰী,  ৩৪-নং চি.আৰ.পি.এফৰ জোৱান, বোকাখাত আৰক্ষী আৰু স্থানীয় ৰাইজৰ ২৪ গৰাকী ব্যক্তিয়ে ৰক্ত দান কৰে ।

আনহাতে, ৰক্তদান কৰাৰ আগতে ৰক্তদান কৰিবলগীয়া ব্যক্তিসকলৰ স্বাস্থ্য পৰীক্ষাও কৰা হয়। কাৰ্য্যসূচীত কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ উপ-অধীক্ষক ডা০ অনন্ত বৰুৱা,  ডিফলু বাগানৰ চিকিৎসক ডা০ মিত্রা শ্যামকে ধৰি কেইবাগৰাকীও চিকিৎসক, মহকুমা প্রশাসনৰ বিষয়া-কৰ্মচাৰী,  চি আৰ পি এফ ৰ জোৱান,  আৰক্ষীৰ উপৰিও ভাল সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।

সহকাৰী আয়ুক্ত বৰ্ণময় ভৰদ্বাজে ৰক্তদান শিৱিৰত উপস্থিত থাকি এই মহান কাৰ্য্যত সহযোগ কৰাৰ বাবে স্থানীয় জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে আৰু এজন লোকে কৰা ৰক্তদানে আন এজন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে বুলি মন্তব্য কৰে।