NORTHEAST NOW (Assamese)

ৰাস মহোৎসৱ উপলক্ষে ‘ৰেচকিউ’ৰ ৰক্তদান শিবিৰ

November 19, 2018 7:26 am · পাৰ্শ্বজ্যোতি গগৈ
Updated: November 19, 2018 7:29 am
১৮ নৱেম্বৰ অৰ্থাৎ দেওবাৰে শিৱসাগৰৰ অন্যতম স্বেচ্চাসেৱী অনুষ্ঠান ‘ৰেচকিউ’ আৰু ৰাসলীলা মহোৎসৱ আৰু শংকৰী সংস্কৃতিক কলাকৃষ্টি সমাজৰ উদ্যোগত  ৰাসলীলা উপলক্ষে ৰক্ত দান শিবিৰ অনুষ্ঠিত কৰা হয়।
শিৱসাগৰৰ গৌৰীসাগৰ  বেজগাঁৱত অনুষ্ঠিত হ’ব লগীয়া ৪২সংখ্যক ৰাসলীলা মহোৎসৱত এই ৰক্তদান শিবিৰ সম্পন্ন কৰা হয়। দিনৰ ১০ বজাৰ পৰা দুপৰীয়া ২ বজালৈ ৩৫ জন ব্যক্তিয়ে এই ৰক্তদান শিবিৰত অংশ গ্ৰহণ কৰে।
আনহাতে একেটা অনুষ্ঠানতে  শদিয়া পৰা ধুবুৰীলৈকে নিজাববীয়াকৈ বস্ত্ৰ বিলায় মানৱীয়তা জীয়াই ৰাখিবলৈ ঢাপলি মেলি ফুৰা দৰিদ্ৰতাৰ বন্ধু তথা ৰেচকিউৰ অন্যতম কৰ্মকৰ্তা বিৰাজ হাজৰিকাৰ জন্মদিন উদযাপন কৰাৰ লগতে হাজৰিকাই বহুকেইগৰাকী দুখীয়া ব্যক্তিক বস্ত্ৰ প্ৰদান কৰে।
ইফালে লগতে অহা ২২, ২৩ আৰু ২৪  নৱেম্বৰত গৌৰীসাগৰৰ বেজগাঁৱত অনুষ্ঠিত হ’বলগীয়া ৪২ সংখ্যক ৰাস মহোৎসৱত সকলো ভক্তপ্ৰাণ ৰাইজক উপস্থিত থাকিবলৈ উদযাপন সমিতিয়ে অনুৰোধ জনাইছে।

Related News