NORTHEAST NOW (Assamese)
অসম

শিল্পা শ্বেট্টীৰ ৰেষ্টুৰেণ্ট বাষ্টিয়ানত চুৰি, খাবলৈ আহি অতিথিয়ে হেৰুৱালে ৮০ লাখ টকীয়া গাড়ী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 29, 2024 8:53 am

দেওবাৰে বলীউডৰ অভিনেত্ৰী শিল্পা শ্বেট্টী কুন্দ্ৰাৰ আড়ম্বৰপূৰ্ণ ৰেষ্টুৰেণ্ট বাষ্টিয়ান-এট দ্য টপত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। শিল্পাৰ ৰেষ্টুৰেণ্টত খাবলৈ অহা অতিথিৰ দামী গাড়ীখন চুৰি হৈ যায়। অট্টালিকাটোৰ পাৰ্কিং স্থানৰ পৰা এখন বিলাসী ৮০ লাখ টকা মূল্যৰ দুজনীয়া কনভাৰ্টিবল বিএমডব্লিউ জেড ৪ চুৰি হোৱা বুলি জানিব পৰা গৈছে।

বান্দ্ৰাৰ ৩৪ বছৰীয়া ব্যৱসায়ী ৰুহন ফিৰোজ খানে নিশা প্ৰায় ১ বজাত বাষ্টিয়ানত উপস্থিত হৈ দুই বন্ধুৰ সৈতে গাড়ীৰ চাবি ৰেষ্টুৰেণ্টখনৰ ভেলেটৰ হাতত তুলি দিয়ে। ৰেষ্টুৰেণ্টখন বন্ধ হোৱাৰ পিছত ৰুহানে পাৰ্কিং ষ্টাফক তেওঁৰ গাড়ীখন আনিবলৈ কোৱাত তেওঁলোকে গম পায় যে গাড়ীখন তাৰ পৰা উধাও হৈ গৈছে। পিছত চিচিটিভি ফুটেজত নিশ্চিত হয় যে বিএমডব্লিউ গাড়ীখন পুৱা প্ৰায় ২ বজাৰ আশেপাশে অচিনাক্ত ব্যক্তিয়ে চুৰি কৰি লৈ যায়।

লগতে পঢ়কঃ আপোনাৰ সংগীৰ এই ৫টা আচৰণ কেতিয়াও আওকাণ নকৰিব, ই হ’ব পাৰে বিচ্ছেদৰ ইংগিত

ৰুহানৰ অভিযোগৰ পিছতে শিৱাজী পাৰ্ক আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ (বিএনএছ) ২০২৩ৰ ধাৰা ৩০৩ (২) (চুৰিৰ শাস্তি)ৰ অধীনত গোচৰ ৰুজু কৰে। ৰুহানৰ অধিবক্তা আলী কাছিফ খান দেশমুখে কয় যে দোষীক চিনাক্ত কৰিবলৈ আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ সক্ৰিয়ভাৱে পৰীক্ষা কৰি আছে।

শিল্পা শ্বেট্টীৰ মালিকানা বাষ্টিয়ান এট দ্য টপ নামৰ অভিজাত ৰেষ্টুৰেণ্টখন দাদৰ পশ্চিমৰ কোহিনুৰ স্কোৱাৰৰ ৪৮ নং মহলাত। তাৰকাৰ পৰা সাধাৰণ মানুহলৈকে ই সদায় অতি জনপ্ৰিয় হৈ আহিছে। ইয়াৰ পৰাই মুম্বাইৰ সমগ্ৰ আকাশখন দেখা যায়। ভিতৰৰ সজ্জাও অতুলনীয়। তিনিমাহ আগতেই হেনো টেবুল বুকিং হৈ যায়। ইয়াৰ খাদ্যৰ সোৱাদ বহুদিনলৈ মুখত লাগি থাকে। দামো আকাশলংঘী। অৱশ্যে তাত  দেশী-বিদেশী খাদ্য সম্ভাৰ খাবলৈ মানুহৰ ভিৰ থাকেই।

মুম্বাইত শিল্পা শ্বেট্টীৰ মালিকানা বাষ্টিয়ান এট দ্য টপ নামৰ অভিজাত ৰেষ্টুৰেণ্টখন। ফটোঃ সংগ্ৰহীত।

অভিনেত্ৰী তথা উদ্যোগী শিল্পা শ্বেট্টী কুন্দ্ৰাই ১৯৯৩ চনত শ্বাহৰুখ খান আৰু কাজলৰ সৈতে ছবিত আত্মপ্ৰকাশ কৰে। ধৰকন, ফিৰ মিলেংগেৰ দৰে হিট ছবিয়ে তেওঁৰ কেৰিয়াৰক আগুৱাই নিয়াত সহায় কৰিছিল।

বাষ্টিয়ান স্বামী ৰাজ কুন্দ্ৰা আৰু শিল্পৰ যৌথ মালিকানাধীন যদিও ৰাজ কুন্দ্ৰাই মূলতঃ চোৱাচিতা কৰে। নীলা ছবিৰ গোচৰত জেলৰ পৰা মুক্তি পোৱাৰ পিছৰে পৰা ৰাজে এই ব্যৱসায়ত মনোনিৱেশ কৰিছে। অৱশ্যে গাড়ী চুৰিৰ দৰে ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিল্পাই কয়, ‘গাড়ী চুৰি কৰাটো অতি দুৰ্ভাগ্যজনক। এই ঘটনাৰ তদন্ত শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ আৰক্ষীক অনুৰোধ জনালোঁ।‘