NORTHEAST NOW (Assamese)

পুনৰ ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনা, গোৱালপাৰাত সন্ধানহীন ২জন, সন্ধিয়া নৈ আৰক্ষীয়ে নচলায় অভিযান!

September 11, 2018 11:45 pm · ছফিকুল আহমেদ
সন্ধানহীন কণমানি আমিনা খাতুন

গোৱালপাৰাত সোমবাৰে সংঘটিত নাও দুৰ্ঘটনাৰ আতংক মাৰ নৌযাওঁতেই পুনৰ মঙলবাৰে সন্ধিয়া ৫.৩০ বজাত ব্ৰহ্মপুত্ৰৰ বুকুৰ বীৰসিং হেলেংগাৰ চৰত হোৱা আন এক নাও দুৰ্ঘটনাত আমিনা খাতুন (৭ বছৰীয়া) নামৰ এটি কণমানি শিশুৰ লগতে বিল্লাল হুছেইন (৩৭ বছৰীয়া) পানীত পৰি সন্ধানহীন হৈ আছে।

গুৰুতৰ কথাটো হ’ল দুৰ্ঘটনাটোৰ লগে লগে পঞ্চৰত্ন নদী আৰক্ষীক খবৰ দিয়া হৈছিল যদিও সন্ধিয়া হোৱা বাবে উদ্ধাৰ অভিযান চলোৱা সম্ভৱ নহ’ব বুলিহে আৰক্ষীয়ে স্থানীয় ৰাইজক জনায়।

উপায়হীন ক্ষুভিত স্থানীয় ৰাইজে নিজাববীয়াকৈ উদ্ধাৰ অভিযান চলাই আছে বুলি জানিব পৰা গৈছে।

বীৰসিং হেলেংগাৰ চৰৰ পৰা ব্ৰহ্মপুত্ৰৰ মাজৰ খানখোৱা প্ৰথম খণ্ডৰ চৰলৈ এক টুলুঙা নাৱেৰে গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হোৱা নাওখনত থকা ইমান আলী (২৯ বছৰীয়া) নামৰ যুৱকজনৰ সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰিছে।

ঘটনাটোৰ ফলত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

Related News