NORTHEAST NOW (Assamese)

War

November 8, 2025 5:37 pm · প্ৰাগজ্যোতি গগৈ
Updated: November 8, 2025 5:45 pm

Bob Marley & The wailers

যেতিয়ালৈ কোনো দৰ্শনে এটা জাতিক শ্ৰেষ্ঠ আৰু আনটিক অস্পৃশ্যৰূপে তুলি ধৰে

আৰু পৰিশেষত যি এটাক দৃঢ়তাৰে প্ৰতিষ্ঠা কৰি

আনটিক ন্যায্য অধিকাৰৰপৰা বঞ্চিত কৰে

তেতিয়ালৈ সকলোতে যুদ্ধ

মই কও যুদ্ধ থাকিব

যেতিয়ালৈ প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণী হিচাপে নাগৰিকৰ বিভাজন থাকিব

যেতিয়ালৈ মানুহৰ ছালৰ ৰং চকুৰ ৰঙৰ দৰে গুৰুত্বহীন হৈ নপৰিব

মই কও যুদ্ধ থাকিব

যেতিয়ালৈ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে সমানে মৌলিক অধিকাৰ উপভোগৰপৰা বঞ্চিত হৈ ৰ

তেতিয়ালৈ থাকিব যুদ্ধ

যেতিয়ালৈকে স্থায়ী শান্তিৰ স্বপ্ন

বিশ্ব ভ্ৰাতৃত্ববোধ

আন্তৰ্জাতিক নৈতিকতাৰ নিয়মবোৰ এক প্ৰহসনহে মাথোন

আচলতে যি শান্তি প্ৰতিষ্ঠাৰ নামত ক্ষণস্থায়ী বিভ্ৰমহে মাথোন

কাৰ্যত একোকেই নহয় এথোন

তেতিয়ালৈ সকলোতে যুদ্ধ

যুদ্ধ থাকিব

আৰু যেতিয়ালৈকে ভ্ৰষ্টাচাৰী আৰু অধাচাৰী শাসনযন্ত্ৰ থাকিব

যি আমাৰ ভাতৃৰাষ্ট্ৰ এংগোলাক পদানত কৰিছিল

কৰিছিল যি মোজাম্বিককো

আৰু দক্ষিণ আফ্ৰিকাৰ যি

মানৱক দাসলৈ পৰিণত কৰাৰ বৰ্ণবিদ্বেষী অপশাসন

এইবোৰ উছন যাব লাগে

সম্পূৰ্ণৰূপে চূৰ্চূমৈ হব লাগে

তেতিয়ালৈ সকলোতে যুদ্ধ

মই কও যুদ্ধ থাকিব

পূবত যুদ্ধ

পশ্চিমত যুদ্ধ

উত্তৰলৈ উজাই যুদ্ধ

দক্ষিণলৈ ভটিয়াই যুদ্ধ

যুদ্ধ যুদ্ধ

যুদ্ধৰ গুজৱ

আৰু যেতিয়ালৈ আফ্ৰিকা মহাদেশে প্ৰকৃত অধিকাৰ নাপায়

আমি আফ্ৰিকাবাসীয়ে যুদ্ধ কৰি যাম

যুদ্ধ বিনে আমাৰ গত্যন্তৰ নাই

আৰু আমি জানো আমি নিশ্চয়কৈ জয়ী হ

কাৰণ আমাৰ আছে দৃঢ় বিশ্বাস

অশুভৰ বিপৰীতে শুভশক্তিৰ জয় হ

অশুভৰ বিপৰীতে শুভ শক্তি, হয়

অশুভৰ বিপৰীতে শুভ

অশুভক পদানত কৰি শুভ শক্তি, হয়

চয়তানৰ বিপৰীতে শুভ

অশুভক বিনাশি শুভ শক্তিৰ জয়, হয়।

অনুবাদ- প্ৰাগজ্যোতি গগৈ

Related News