NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ বৰচাপৰি বাগিচাত ভোটাৰৰ মাজত বিতৰণ কৰিবলৈ নিয়া ৰাইন’ ব্ৰেণ্ডৰ মদ জব্দ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া December 4, 2018 1:27 pm
IMG-20181204-WA0005

প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইঘণ্টামান বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে ভোটাৰক আকৃষ্ট কৰাৰ উদ্দেশ্যেৰে বিভিন্ন কু অভিসন্ধিত লিপ্ত হোৱাৰ সময়তে বোকাখাতত আজি এজন ৰাজনৈতিক কৰ্মীৰ ঘৰত মদ উদ্ধাৰ হোৱা ঘটনাই ৰাজনৈতিক দলসমূহৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে।

উল্লেখ্য যে বোকাখাতৰ বৰচাপৰি চাহ বাগিচাত ভোটাৰৰ মাজত বিলাবলৈ নিয়া ৰাইন’ ব্ৰেণ্ডৰ ১৫০ বটল মদ জব্দ কৰিছে বোকাখাতৰ মহকুমা প্ৰশাসনে। যোৱা নিশা বাগিচাখনৰ শ্ৰমিকৰ লাইনত নিৰ্বাচনৰ পূৰ্বে এটা ৰাজনৈতিক দলে বিতৰণ কৰিবলৈ নিয়া এই মদৰ বটল আজি পুৱা বোকাখাতৰ আবকাৰী বিভাগে জব্দ কৰে।

স্থানীয় লোকে দিয়া অভিযোগৰ আধাৰত আবকাৰী বিভাগৰ পৰিদৰ্শক নৈঋৃতা বৰুৱাৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে বাগিচাখনৰ এজন লোকৰ ঘৰৰ বাৰীৰ পৰা এই মদৰ বটল খিনি জব্দ কৰে বুলি জানিবলৈ দিয়ে।  

ইফালে জব্দকৃত মদখিনি এটা ৰাষ্ট্ৰীয় দলে ভোটাৰৰ মাজত বিতৰণ কৰিবলৈ নিয়া বুলি স্থানীয় লোকে প্ৰশাসনৰ লগতে সংবাদ মাধ্যমক জনাইছে। ঘটনাৰ সংক্ৰান্তত অধিক তথ্য সংগ্ৰহৰ বাবে আবকাৰী বিভাগে এজন লোকক আটক কৰি সোধা পোচা অব্যাহত ৰাখিছে।