NORTHEAST NOW (Assamese)
অসম

বোকাখাতত ড্ৰাগছ সহ এজন যুৱকক আটক; ড্ৰাগছৰ দুটা কন্টেইনাৰ উদ্ধাৰ

Posted by: উত্তম শইকীয়া, বোকাখাত Updated by: উত্তম শইকীয়া, বোকাখাত September 1, 2022 4:09 pm

Bokakhat police arrested one youth with drugs বোকাখাত আৰক্ষীয়ে গোপন তথ্যৰ আধাৰত চলোৱা এক অভিযানত স্থানীয় যুৱকৰ সহযোগত এজন যুৱকক ড্ৰাগছ সহ কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

ড্ৰাগছ সহ আটক কৰা যুৱক জনৰ নাম আৰিফ আহমেদ। ঘৰ বোকাখাত নগৰৰ লতাবাৰীত বুলি জানিব পৰা গৈছে ৷

ধৃত যুৱক জনৰ পৰা  আৰক্ষীয়ে ড্ৰাগছ সহ দুটা ড্ৰাগছৰ কন্টেইনাৰ জব্দ কৰিছে।

লগতে পঢ়ক: পৰ্তুগালত গৰ্ভৱতী ভাৰতীয় পৰ্যটকৰ মৃত্যু; স্বাস্থ্য মন্ত্ৰীৰ পদত্যাগ

ঘটনাৰ সম্পৰ্কত অধিক তথ্য লাভৰ বাবে ধৃত যুৱকজনক সম্প্ৰতি জেৰা কৰি আছে বোকাখাত আৰক্ষীয়ে ৷

বিগত মাহটোত বোকাখাত আৰক্ষীয়ে ১২ জন ড্ৰাগছৰ লগত জড়িত যুৱকক আটক কৰিছে ৷