NORTHEAST NOW (Assamese)

গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত মন্ত্ৰী অতুল বৰাৰ একালৰ সতীৰ্থ গনেশ দলেক আটক

November 8, 2020 7:17 pm · উত্তম শইকীয়া
ফটো : নৰ্থ-ইষ্ট নাও

কাজিৰঙাৰ গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত বোকাখাত আৰক্ষীয়ে শনিবাৰে নিশা দুৰ্ধৰ্ষ চোৰাংচিকাৰী তথা গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ী গনেশ দলেক আটক কৰিছে।

গনেশ দলেৰ ঘৰ বোকাখাতৰ ম’হ মাইকী গাঁৱত যদিও যোৱা নিশা ধনশিৰিমুখত আত্মগোপন কৰি থকা অৱস্থাৰ পৰা আটক কৰিছে বন বিভাগ আৰু আৰক্ষীৰ যৌথ অভিযানকাৰী দলে।

গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত থকাৰ অপৰাধত যোৱা ২৫ ছেপ্তেম্বৰত বোকাখাত আৰক্ষীয়ে বোকাখাতৰ আমটেঙা গাঁৱৰ কাঠৰ ব্যৱসায়ী মৃদুল পেগু, কাৰ্বি আংলং জিলাৰ ডলামৰাৰ ৰাজেন ৰংফাৰ আৰু টাৰজান তেৰাঙৰ লগতে গনেশ দলেকো আটক কৰিছিল।

বোকাখাত আৰক্ষীয়ে ২৫ ছেপ্তেম্বৰত ধৃত চাৰিজন ব্যক্তিৰ মৃদুল পেগু, টাৰজান তেৰাং আৰু ৰাজেন ৰংফাৰক বন বিভাগৰ হাতত অৰ্পণ কৰিছিল যদিও গনেশ দলেক বন বিভাগৰ হাতত অৰ্পণ নকৰি কোনো ধৰণৰ সাক্ষ্য প্ৰমান নথকাৰ অজুহাতত মুকলি কৰি দিছিল।

ইফালে ধৃত মৃদুল পেগুয়ে দিয়া তথ্য আৰু স্বীকাৰোক্তি মতে ডলামৰাৰ ৰাজেন ৰংফাৰে তেওঁক এটা গঁড় খৰ্গ বিক্ৰী কৰিবৰ বাবে দিছিল।

এই খৰ্গটো আকৌ ৰাজেন ৰংফাৰে ডলামৰাৰে ব্যৱসায়ী টাৰজান তেৰাঙৰ পৰা সংগ্ৰহ কৰিছিল। এই গঁড়ৰ খৰ্গটো ৰাজেন ৰংফাৰ আৰু মৃদুল পেগুয়ে গনেশ দলেক বিক্ৰী কৰিবৰ বাবে দিয়ে বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছিল।

এই স্বীকাৰোক্তিৰ পিছতে আৰক্ষী আৰু বন বিভাগে পুনৰ গনেশ দলেক কৰায়ত্ত কৰাৰ বাবে চেষ্টা চলায় যদিও গনেশ দলে ঘৰৰ পৰা পলায়ন কৰি আত্মগোপন কৰে আৰু অগ্ৰিম জামিনৰ বাবে প্ৰস্তুতি চলায়।

গনেশ দলেক বিচাৰি তিনিখনকৈ চমনো জাৰি কৰে বন বিভাগে। অৱশেষত দুমাহৰ অভিযানৰ শেষত শনিবাৰৰ নিশা পলাতক গনেশ দলেক কৰায়ত্ত কৰিবলৈ সক্ষম হয় বন বিভাগ আৰু বোকাখাত আৰক্ষীৰ যৌথ অভিযানকাৰী দলে।

উল্লেখ্য যে অসম গন পৰিষদ দলৰ একালৰ সক্ৰিয় কৰ্মী বোকাখাতৰ ম’হমাইকী গাঁৱৰ নিৱাসী গনেশ দলেক কাজিৰঙাৰ গঁড় হত্যাৰ সৈতে জড়িত থকাৰ অপৰাধত একাধিকবাৰ গ্ৰেপ্তাৰ কৰিছিল বোকাখাত আৰু কাৰ্বি আংলং আৰক্ষীয়ে।

গ্ৰেপ্তাৰৰ সময়ত গনেশ দলেৰ পৰা ৰাইফল আৰু সজীৱ গুলীও উদ্ধাৰ কৰিছিল। এই সম্পৰ্কত বোকাখাত আৰু ডিফু আৰক্ষী থানাত গনেশ দলেৰ বিৰুদ্ধে গোচৰো চলি আছে।

এই সমুহ গোচৰত জামিনত মুক্তি পোৱা গনেশ দলেয়ে অসম গণ পৰিষদ দলত যোগদান কৰি কৃষি মন্ত্ৰী অতুল বৰাৰ প্ৰিয়ভাজন হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থিত্ব লাভ কৰিবলৈও সক্ষম হৈছিল।

গাওঁ পঞ্চায়তৰ নিৰ্বাচনত মৰিধনশিৰি গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ হাতত পৰাজয় বৰণ কৰিছিল গনেশ দলেই।

পঞ্চায়ত নিৰ্বাচনৰ সময়ত গঁড় হত্যাত জড়িত গনেশ দলেক দলৰ প্ৰাৰ্থিত্ব দিব নালাগে বুলি ৰাজহুৱা আৰু দলীয় অনুৰোধ উত্থাপিত হৈছিল যদিও কৃষি মন্ত্ৰী অতুল বৰাই সকলোকে উপেক্ষা কৰি গনেশ দলেক দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰি নিজেও গনেশ দলেৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল।

ইফালে গঁড়ৰ খৰ্গ ব্যৱসায়ত গনেশ দলেৰ নাম উচ্চাৰিত হোৱাৰ পাছত অসম গণ পৰিষদ দলৰ বোকাখাতৰ দলীয় কৰ্মীৰ মাজত সৃষ্টি হোৱা ক্ষোভৰ বাবেই ২৫ ছেপ্তেম্বৰত গনেশ দলেক অগপ দলৰ বিষয়বাব আৰু প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰা হৈছিল।

আজি পুৱা বোকাখাত আৰক্ষীয়ে গনেশ দলেক বন বিভাগৰ হাতত অৰ্পন কৰে ৷ সম্প্ৰতি অধিক তথ্যৰ বাবে গনেশ দলেক মাৰাথান জেৰা চলাই থকা হৈছে বুলি জানিব পৰা গৈছে ৷ 

Related News