NORTHEAST NOW (Assamese)

সতী সাধনী নামেৰে বগীবিল দলং নামাকৰণ কৰাৰ দাবী বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ

October 21, 2018 11:35 am · উত্তম শইকীয়া

বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত ২০ অক্টোবৰত বোকাখাতত এখন নাগৰিক সভা অনুষ্ঠিত হয়।

বােকাখাতৰ সাধনী ভৱনত অনুষ্ঠিত এই নাগৰিক সভাত পৌৰোহিত্য কৰে বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মণ্টু শইকীয়াই। উদেশ্য ব্যাখ্যা কৰে সম্পাদক লাচিত কাকতিয়ে ৷

সভাত বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক ভৱেশ শইকীয়া, সাহিত্যিত  পেঞ্চনাৰ অন্নদা শইকীয়া, সদৌ অসম যুৱ সন্মিলনৰ কাৰ্যকৰী সভাপতি পৰাগ শইকীয়া, গােলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি পাপু শইকীয়া, দেউৰী চুতীয়া সাহিত্য সভাৰ সভাপতি প্রতাপ চন্দ্ৰ নেওগ, বােকাখাত জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি প্ৰতাপ চন্দ্ৰ বৰাকে ধৰি বিভিন্ন সংগঠনৰ বিষয়ববীয়া তথা বিশিষ্ট লোক সকলে অংশ গ্ৰহণ কৰে।

এই সভাতে বগীবিল দলঙৰ নাম ‘সাধনী সেতু’ আৰু চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবীত আৰু ১৫ নবেম্বৰত গোলাঘাটত অনুষ্ঠিত হ’ব লগা গণ সমাৱেশত বােকাখাত মহকুমাৰ সকলো দল-সংগঠনৰ বিষয়ববীয়া আৰু চুতীয়া জনগোষ্ঠীৰ লােকক উপস্থিত থাকি গণ সমাবেশ কাৰ্যসূচী সাফল্য মণ্ডিত কৰিবৰ বাবে আহ্বান জনায়।

Related News