NORTHEAST NOW (Assamese)

‘মই মৃত্যুশয্যাত’-এইদৰে লিখি পৃথিৱীৰ পৰা বিদায় মাগিলে বলীউদৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে

July 13, 2020 11:34 am · এন ই নাও নিউজ
দিব্যা চৌকচে।

দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজ দি অৱশেষত জীৱনৰ ওচৰত হাৰ মানিলে বলীউদৰ এগৰাকী মোহময়ী অভিনেত্ৰী দিব্যা চৌকচে।

অভিনেত্ৰীগৰাকীৰ ভগ্নী সৌম্যা অমিশ বাৰ্মাই ফে’চবুকত অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খৱৰ নিশ্চিত কৰিছে।

কৰ্কট ৰোগত আক্ৰান্ত হৈয়েই দিব্যাই দেওবাৰে মৃত্যুক সাৱটি লোৱাৰ কথাও তেওঁ সদৰী কৰিছে।

দিব্যা চৌকচিয়ে লণ্ডনৰ পৰা অভিনয়ৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল আৰু মডেল হিচাপে পৰিচিত আছিল।

২০১৬চনত হায় অপনা দিল তো আৱাৰা ছবিখনত অভিনয় কৰিছিল দিব্যাই।

এই সুন্দৰী অভিনেত্ৰীগাৰীয়ে মৃত্যুৰ কেইঘন্টামান আগেয়ে নিজৰ শাৰীৰিক অসুস্থতাৰ কথা প্ৰকাশ কৰিছিল।

ইনষ্টাগ্ৰামৰ এটা প’ষ্টত তেওঁ লিখিছিল, ‘মই মৃত্যুশয্যাত আছো’।

এক আৱেগগধূৰ ভাৱেৰে তেওঁ লগতে লিখিছিল, ‘মই যি ক’ব খুজিছো সেয়া হয়তো ভাষাৰে বুজাব নোৱাৰিম। বিগত কেইমাহ ধৰি মই পলাই ফুৰিছো, চাৰিওপিনে বহুত প্ৰশ্ন… সময় আহিছে তোমালোক সকলোকে কোৱাৰ- মই মৃত্যুশয্যাত… এটা যন্ত্ৰণাহীন জীৱন লৈ আকৌ ঘুৰি আহিম। দয়া কৰি আৰু কোনো প্ৰশ্ন নকৰিব।‘

যোৱা ১১জুলাইত শেষবাৰৰ বাবে দিব্যাই ইনষ্টাগ্ৰামত প’ষ্ট দিছিল আৰু তাৰ পাছত ছচিয়েল মিডিয়াৰ পৰাই বিদায় লৈছিল।

Related News