NORTHEAST NOW (Assamese)

ডিব্ৰুগড়ত আলফা কেডাৰৰ পৰা জব্দ কৰা দুটা IED নিষ্ক্ৰিয় কৰিলে সেনাৰ বোমা স্কোৱাদে

May 29, 2020 5:57 pm · অভিক চক্ৰৱৰ্তী

ডিব্ৰুগড় জিলাত আটক কৰা এজন আলফা (স্বাঃ)ৰ কেডাৰৰ পৰা উদ্ধাৰ কৰা দুটা শক্তিশালী IED আজি সেনাৰ বোমা স্কোৱাদে নিষ্ক্ৰিয় কৰে।

বৃহস্পতিবাৰে নিশা সেনাৰ ৯নং ৰাজপুটান ৰাইফলছ অসম আৰক্ষীয়ে ডিব্ৰুগড়ৰ টিংখং অঞ্চলত এক যুটীয়া অভিযান চলাই জান্তু বৰুৱা নামৰ এগৰাকী আলফা কেডাৰক আটক কৰিছিল।

IED দুটাৰ উপৰি কেডাৰজনৰ পৰা এটা ৭.৬৫ এম এম পিষ্টল, এটা মেগজিন, কেইবা জাঁই সক্ৰিয় গুলী, IED নিৰ্মাণৰ সামগ্ৰী আৰু এটা মোবাইল ফোন জব্দ কৰে।

আজি দিনৰ প্ৰায় ১.১৫ বজাত দিনজান সেনা শিবিৰৰ বোমা স্কোৱাদ দলে IED দুটা ডিব্ৰুগড় নগৰৰ পলটন বজাৰৰ প’ল’ গ্ৰাউণ্ডত নিষ্ক্ৰিয় কৰা হয়।

আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰা মতে লকডাউনৰ সময়ছোৱাত উজনি অসমৰ বিভিন্ন স্থানৰ পৰা আলফা (স্বাঃ) কেইবাগৰাকী সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে।

Related News