NORTHEAST NOW (Assamese)

পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সহায়ত দিল্লী উচ্চ ন্যায়ালয়ত বোমা বিস্ফোৰণৰ ভাবুকি : আতংক, খালী আদালতৰ চৌহদ

September 12, 2025 4:17 pm · এন ই নাও নিউজ, গুৱাহাটী

পুনৰ বোমাতংক ৰাজধানী দিল্লীত। উচ্চ ন্যায়ালয়ৰ চৌহদত বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰিছে দিল্লী আৰক্ষীয়ে। দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি, শুকুৰবাৰে পুৱা মেইলযোগে এই ভাবুকি লাভ কৰিছিল। ভাবুকিৰ পিছতেই দিল্লী আৰক্ষীয়ে আদালতৰ চৌহদ খালী কৰে। স্থগিত ৰখা হয় কেইবাটাও গোচৰৰ শুনানি।

কিছু সময়ৰ পাছতে জানিব পৰা মতে এজন অচিনাকি ব্যক্তিয়ে ইমেইলৰ জৰিয়তে দিল্লী উচ্চ ন্যায়ালয়ত বোমা বিস্ফোৰণৰ ভাবুকি দিছিল।

সেই ইমেইলটোত এটাৰ পিছত এটাকৈ বিস্ফোৰক দাবী কৰা হৈছিল। জানিব পৰা মতে, পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ সহায়ত উচ্চ ন্যায়ালয়ৰ চৌহদত বোমা স্থাপন কৰা হৈছে।

ইমেইলটোত ৰাহুল গান্ধী আৰু এম কে ষ্টেলিনৰ নাম সন্নিবিষ্ট কৰা হৈছে। বোমাটো নিষ্ক্ৰিয় কৰাৰ ক’ড জানিবলৈ ফোন কৰিব লাগিব বুলিও কোৱা হৈছে। এই বাৰ্তা লাভ কৰাৰ পিছতে আৰক্ষীয়ে সমগ্ৰ উচ্চ ন্যায়ালয়ৰ চৌহদ খালী কৰাৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে সেই স্থানত উপস্থিত হৈছে বোমা বিশেষজ্ঞৰ দল। তীব্ৰ অনুসন্ধান চলোৱা হৈছে।

মন কৰিবলগীয়া যে যোৱা কেইমাহমানৰ পৰা দিল্লীৰ বিদ্যালয় আৰু বিভিন্ন চৰকাৰী ভৱন উৰুৱাই দিয়াৰ ভাবুকি ধাৰাবাহিকভাৱে চলি আহিছে। মুঠতে যোৱা কেইমাহমানৰ ভিতৰত দিল্লীৰ প্ৰায় সকলো বৃহৎ বিদ্যালয়তে এনেধৰণৰ বোমাৰ আতংক বিয়পি পৰিছে। আনকি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়, মৌলানা আজাদ চিকিৎসা মহাবিদ্যালয়, লালকিল্লাতো বোমা বিস্ফোৰণ কৰাৰ ভাবুকি আহিছে।

পিছত এই সকলোবোৰ ভাবুকি ভুৱা বুলি গম পোৱা গৈছিল। দিল্লী আৰক্ষীয়েও তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু এতিয়াও স্পষ্ট হোৱা নাই উচ্চ ন্যায়ালয়ৰ চৌহদত এই বোমা আতংক ভুৱা নে নহয়।

Related News