NORTHEAST NOW (Assamese)

বঙাইগাঁও শতদল শাখা সাহিত্য সভাৰ উদ্যোগত অভিনন্দন গ্ৰন্থ উন্মোচন

February 2, 2022 7:08 pm · প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
Updated: February 2, 2022 7:10 pm

বঙাইগাঁও শতদল শাখা সাহিত্য সভাই দেওবাৰে বিয়লি শাখাৰ সভাকক্ষত এখন অভিনন্দন গ্রন্থ উন্মোচন কৰে। এই উপলক্ষে শাখাৰ ভাৰপ্রাপ্ত সভাপতি জ্যোৎস্নাপ্রিয়া দেৱীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত নাৰী শিক্ষাৰ বিকাশৰ বাবে আগৰণুৱা, সমাজকর্মী, অসম আন্দোলনৰ সক্রিয় কর্মী, বীৰঝৰা ছোৱালী হাইস্কুলৰ অৱসৰী প্রধান শিক্ষয়িত্রী বিদ্যাৱতী পাঠকৰ জীৱন আৰু কীর্তি উন্মোচন কৰি প্ৰস্তুত কৰা ‘অভিজ্ঞান’ নামৰ গ্ৰন্থখন বিদ্যাৱতী পাঠকৰ কনিষ্ঠ ভাতৃ তৰুণ কুমাৰ চৌধুৰী আৰু জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত কুমাৰ শৰ্মাই যুটীয়াভাৱে উন্মোচন কৰে।

উল্লেখ্য যে বিদ্যাৱতী পাঠকৰ পৰিয়ালৰ সহযোগত বঙাইগাঁও শতদল শাখা সাহিত্য সভাই গ্রন্থখন প্ৰকাশ কৰিছে। সভাত উদ্দেশ্য ব্যাখ্যা কৰে শাখা সভাৰ সম্পাদক মীনা দেৱীয়ে।

উদ্বোধনী ভাষণ দিয়ে অৱসৰপ্রাপ্ত প্রশাসনিক বিষয়া তথা বিদ্যাৱতী পাঠকৰ জোঁৱাই, লেখক ৰােহিনী কুমাৰ চৌধুৰীয়ে। সভাত আমন্ত্রিত বক্তাৰূপে বিদ্যাৱতী পাঠকৰ কৰ্মৰাজীৰ বিষয়ে কয় শিক্ষয়িত্ৰীগৰাকীৰ একালৰ সহকর্মী তথা বঙাইগাঁও শাখা সাহিত্য সভাৰ প্রাক্তন সভাপতি বিচিত্র শর্মা আৰু বঙাইগাঁও মহাবিদ্যালয়ৰ অৱসৰী মুৰব্বী অধ্যাপিকা, সাহিত্যিক ড° সান্ত্বনাময়ী মজুমদাৰে।

বঙাইগাঁও মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষা ড° ৰূপাঞ্জলি দেৱীয়ে শিক্ষয়িত্ৰী আৰু আদর্শ গৃহিনী হিচাপে পেহীয়েক বিদ্যাৱতী পাঠকৰ বিষয়ে কয়। উল্লেখ্য যে শাৰিৰীক অসুস্থতাৰ বাবে বিদ্যাৱতী পাঠকে সভাত উপস্থিত থাকিব নোৱাৰিলে।

সভাত অসম সাহিত্য সভাৰ মুখপাত্র অমৰেন্দ্ৰ বৰুৱা আৰু কেন্দ্রীয় প্রতিনিধি কামাখ্যা প্রসাদ ৰায়েও বক্তব্য দাঙি ধৰে। সভাপতিৰ ভাষণৰ পাচত শলাগৰ শৰাই আগবঢ়ায় গ্রন্থখনৰ সম্পাদনা সমিতিৰ সম্পাদক মঞ্জুপ্ৰভা বৰুৱাই।

অনুষ্ঠানত শাখা সাহিত্য সভাৰ কর্মকর্তাসকল, সাহিত্যপ্রেমী ব্যক্তি আৰু বিদ্যাৱতী পাঠকৰ পৰিয়ালৰ তিনিটা প্রজন্মৰ কেইবাগৰাকী লোকো উপস্থিত থাকে। শেষত অসম সংগীতেৰে অনুষ্ঠান সামৰা হয়।

Related News