NORTHEAST NOW (Assamese)
অসম

স্বৰ্ণকন্যা হিমা দাসৰ জীৱনৰ ওপৰত আধাৰিত গ্ৰন্থ উন্মোচন

Posted by: মিণ্টু দাস October 13, 2018 6:24 am
hima das book release.photo

অসমৰ স্বনামধন্য লিখক তথা সাংবাদিক সমীন কলিতাৰ ”যুৱ প্ৰজন্মৰ প্ৰেৰণাৰ উৎস ভাৰত-গৌৰৱ হিমা দাস” নামৰ গ্ৰন্থখন শুকুৰবাৰে ধিঙৰ কান্ধুলিমাৰীৰ হিমা দাসৰ বাসগৃহত শুভ উন্মোচন কৰে ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ কুমাৰ দত্তই।

গ্ৰন্থখনি উন্মোচন কৰি অধ্যক্ষগৰাকীয়ে কয় যে গ্ৰন্থখনৰ জৰিয়তে অসমৰ পঢ়ুৱৈ সমাজে হিমাৰ সৰু কালৰ পৰা বৰ্তমানলৈকে বহু নজনা কথা জানিব পাৰিব।

উন্মোচনী সভাত লিখক সমীন কলিতা উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে কিতাপখন লিখি উলিওৱাত হিমাৰ পৰিয়ালৰ যোগেদি হিমাৰ সৰু কালৰ বহু উৎস আহৰণ কৰি কিতাপখনত সন্নিৱিষ্ট কৰা হৈছে। অসমৰ ৰাইজৰ বিপুল সঁ‌হাৰি লাভ কৰিব বুলি আশাবাদী লিখক লিখক সমীন কলিতা।

উন্মোচনী সভাখনত উপস্থিত থাকে কিতাপখনৰ  প্ৰকাশক ষ্টুডেন্ট ষ্টোৰৰ স্বত্ত্বাধিকাৰী প্ৰদীপ কুমাৰ, ধিং মহাবিদ্যালয়ৰ বহু কেইগৰাকী প্ৰৱক্তা আৰু হিমাৰ পৰিয়ালৰ লোক, মন যায় গ্ৰুপ, হিমা ফেন ক্লাৱ, হিমা ব্ৰাদাৰ্স গ্ৰুপৰ লগতে ধিং প্ৰেছ ক্লাৱৰ সমূহ সদস্যসকল। উন্মোচনী সভাখনৰ আঁত ধৰে বিমান হাজৰিকাই।