NORTHEAST NOW (Assamese)

ISC দ্বাদশ আৰু ICSE দশম শ্ৰেণীৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ-কন্যা

July 11, 2020 9:33 am · এন ই নাও নিউজ
শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুই পুত্ৰ-কন্যা ন্নদিল আৰু সুকন্যা। ফটো: টুইটাৰ

কৰ’না মহামাৰীৰ সংহাৰ অব্যাহত থকাৰ মাজতে শুকুৰবাৰে ঘোষণা কৰা ISC দ্বাদশ আৰু ICSE দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰ উত্তীৰ্ণ হৈছে ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুই পুত্ৰ-কন্যা।

ISC দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত পুত্ৰ নন্দিলে ৯৫.২৫শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে।

আনহাতে, ICSE দশম শ্ৰেণীৰ পৰীক্ষাত দুহিতা সুকন্যাই ৮৮.৮শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে।

নিজৰ দুই পুত্ৰ-কন্যাৰ সফলতাত সন্তুষ্টি প্ৰকাশ কৰি শিক্ষা মন্ত্ৰীগৰাকীয়ে দুয়োজনে জীৱনৰ পৰৱৰ্তী পৰ্যায়লৈ আগবঢ়াৰ সময়ত ভগৱানৰ আশিস বিচাৰিছে।

শিক্ষা মন্ত্ৰী গৰাকীয়ে এই কথা এটা টুইটাৰৰ জৰিয়তে ৰাজহুৱা কৰিছে।

‘ভাৰতৰ ইটন’ খ্যাত ডুন স্কুলত অধ্যয়ন কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্তান নন্দিল বিশ্ব শৰ্মাই।

নন্দিল বিশ্ব শৰ্মাই উক্ত বিদ্যালয়খনৰ পৰাই দশম শ্ৰেণীৰ পৰীক্ষাতো উত্তীৰ্ণ হৈছিল।

যোৱা বছৰ জানুৱাৰি মাহত নন্দিল স্কুল কেপ্টেইন নিৰ্বাচিত হৈছিল।

উত্তৰাখণ্ডৰ ডুন স্কুল হ’ল দেশৰ ভিতৰতে আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়, যাক ভাৰতৰ ইটন (ইংলেণ্ডৰ বিখ্যাত ইটন স্কুলৰ তুলনাৰে) বুলি কোৱা হয়।

কেৱল ছাত্ৰই অধ্যয়নৰ সুবিধা থকা আৰু ১৯৩৫ চনতে স্থাপিত ভাৰতৰ এই বিখ্যাত বিদ্যালয়খনত দেশৰ বহুতো বিখ্যাত ব্যক্তিয়ে ইয়াত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।

প্ৰাক্তন প্ৰধান মন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীও ইয়াৰ ভিতৰত অন্যতম আছিল।

আনহাতে, মন্ত্ৰীগৰাকীৰ কন্যা সুকন্যা শৰ্মা আজমীৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়ন কৰিছিল।

Related News