NORTHEAST NOW (Assamese)

দেশৰ প্ৰতিৰক্ষাত আন এক শক্তি: ৪০০ কিলোমিটাৰ দূৰত্ব আঘাত হানিবলৈ সক্ষম ব্ৰাহ্মছ মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন

December 29, 2022 8:52 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 29, 2022 6:45 pm

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত আজি সংযোজন ঘটিল আন এক শক্তিৰ। আজি ভাৰতীয় বায়ুসেনাই ছুখয়-৩০ এম কে আই যুদ্ধ বিমানৰ পৰা ব্ৰাহ্মছ এয়াৰ লঞ্চড মিছাইলৰ দীৰ্ঘ দূৰত্বত আঘাত কৰিব পৰা সক্ষমতাসম্পন্ন নৱ সংস্কৰণ সফলতাৰে পৰীক্ষা কৰে।

এই নতুন ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰই ৪০০ কিলোমিটাৰ দূৰত্বৰ লক্ষ্যত আঘাত সানিবলৈ সক্ষম হ’ব বুলি জানিবলৈ দিছে বায়ুসেনাই। এক বিবৃতিত প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই শক্তিশালী মিছাইলৰ সফল পৰীক্ষণৰ বিষয়ে সদৰী কৰে।

বিবৃতিটোত প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয়, “ছুপাৰছনিক ক্ৰুজ মিছাইলটোৱে বংগ উপসাগৰ অঞ্চলত আকাংক্ষিত অভিযানৰ লক্ষ্যত উপনীত হয় আৰু এই সফল পৰীক্ষাৰ জৰিয়তে ভাৰতীয় বায়ুসেনাই দীৰ্ঘ দূৰত্বত স্থল/সাগৰীয় লক্ষ্যৰ বিৰুদ্ধে ছু-৩০ যুদ্ধ বিমানৰ পৰা নিখুঁত আক্ৰমণ চলাবলৈ সামৰ্থ্য লাভ কৰিলে।”

বিবৃতিটোত লগতে কোৱা হৈছে যে ক্ষেপণাস্ত্ৰৰ বৰ্ধিত ৰেঞ্জ ক্ষমতাৰ লগতে ছুখয়-৩০ এমকেআই বিমানৰ উচ্চ কাৰ্যক্ষমতাই ভাৰতীয় বায়ুসেনাক কৌশলগত শক্তি প্ৰদান কৰে আৰু ভৱিষ্যতৰ সম্ভাৱ্য যুদ্ধক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰাত নতুন শক্তিৰ সংযোজন ঘটায়।

বায়ুসেনা, ভাৰতীয় নৌসেনা, প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO), হিন্দুস্তান এৰ’নটিক্স লিমিটেড (HAL), আৰু ব্ৰাহ্মছ স্পেচ (BAPL)ৰ যৌথ প্ৰচেষ্টাত এই সফল পৰীক্ষণ কৰা হয়।

উল্লেখ্য যে, ব্ৰাহ্মছ মিছাইল আকাশী, স্থল আৰু সাগৰীয়— আটাইকেইটা ক্ষেত্ৰৰ পৰা নিক্ষেপ কৰিব পাৰি।

Related News