NORTHEAST NOW (Assamese)
Popular Stories

মহাৰাষ্ট্ৰৰ বিৰোধী মহাজোঁটত ভাঙোন! অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত সমাজবাদী পাৰ্টিৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 27, 2024 8:31 pm

মহাৰাষ্ট্ৰৰ বিৰোধী জোঁট ভাঙি যোৱাৰ পথত! আসনক লৈ হোৱা বিবাদৰ বাবে সমাজবাদী পাৰ্টিয়ে বিৰোধী মিত্ৰতা এৰিব পাৰে। সপাৰ মহাৰাষ্ট্ৰ ইউনিটৰ মুৰব্বী আবু আজমীয়ে দাবী অনুসৰি আসন লাভ কৰাৰ ক্ষেত্ৰত বিশেষ আশাবাদী নহয় বুলি ঘোষণা কৰিছে। গতিকে মহাৰাষ্ট্ৰত অকলে যুঁজিব সমাজবাদী পাৰ্টিয়ে৷

মহাৰাষ্ট্ৰৰ বিৰোধী বৃহৎ মিত্ৰজোঁটৰ পৰা ২৮৮খন আসনৰ ভিতৰত ৫খন আসনৰ দাবী জনাইছে এছ পি নেতাসকলে। এই পাঁচখন আসন নিদিলে সমাজবাদী পাৰ্টিয়ে অকলে যুঁজিব বুলি স্পষ্ট কৰি দিয়ে দলটোৰ ৰাজ্যিক সভাপতি আবু আজমীৰে। আবু আজমীয়ে কয়, “আমি মহা বিকাশ আঘাদীত থাকিব বিচাৰো।”শনিবাৰে শৰদ পাৱাৰৰ সৈতেও কথা পাতিলোঁ। আমি আমাৰ দাবী উত্থাপন কৰিছো। মোক কোৱা হ’ল যে এদিনৰ ভিতৰতে সকলো ৰিপ’ৰ্ট কৰা হ’ব। কিন্তু মোলৈ আৰু ফোন নাহিল।” মহা বিকাশ আঘাদীৰ প্ৰধান অংশীদাৰসকলৰ সদিচ্ছাক লৈ প্ৰশ্ন উত্থাপন কৰে আবু আজমীয়ে।

সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱেও কয় যে মহা বিকাশ আঘাদীয়ে তেওঁলোকৰ মিত্ৰতাত যোগদান নকৰিলে সমাজবাদী পাৰ্টিয়ে পৃথকে পৃথকে যুঁজিব। তেনে ক্ষেত্ৰত তেওঁলোকৰ সংগঠন থকা সমষ্টি, দলীয় কৰ্মী সক্ৰিয় হৈ থকা সমষ্টিত প্ৰাৰ্থীক মনোনীত কৰা হ’ব। অখিলেশে কয়, ৰাজনীতিত আত্মবলিদান বুলি কোনো কথা নাই। যদি আমাক মিত্ৰতাত স্থান দিয়া নহয়, তেন্তে আমি নিজৰ শক্তিৰে মহাৰাষ্ট্ৰত যুঁজিবলৈ সাজু। আমি য’ত শক্তি আছে তাতেই প্ৰাৰ্থী থিয় কৰাম। গ্ৰেণ্ড এলায়েন্সৰ ক্ষতি কৰিব পৰা প্ৰাৰ্থী মই ক’তো থিয় কৰাব নোৱাৰো।

দৰাচলতে মহাৰাষ্ট্ৰৰ বিৰোধী বৃহৎ মিত্ৰজোঁটত আসনক লৈ হোৱা বিবাদ যথেষ্ট জটিল। তিনিওটা প্ৰধান অংশীদাৰে এতিয়াও নিজৰ মাজত আলোচনা কৰি আসন চূড়ান্ত কৰিব পৰা নাই। কেইখনমান আসন সৰু অংশীদাৰৰ বাবে সংৰক্ষিত যদিও এন ডি এৰ প্ৰধান অংশীদাৰসকলে কোন দলে সেই আসন লাভ কৰিব সেই কথা কোৱা নাই। সমাজবাদী পাৰ্টিৰ মতে, তেওঁলোকৰ পাঁচখন আসনৰ দাবী এৰি দিয়া নহ’ব। সেইবাবেই পৃথকে পৃথকে যুঁজৰ প্ৰস্তুতি কৰাটোও ভাল।